অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাহৰকটীয়াত আছুৰ মানৱ শৃংখল

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে । প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই মানৱ শৃংখল কাৰ্যসূচীত "কা" খিলঞ্জীয়াৰ পৰিপন্থী, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

MASSIVE PROTEST BY ALL ASSAM STUDENT UNION AT NAHARKATIYA
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাহৰকটীয়াত আছুৰ মানৱ শৃংখল

By

Published : Jul 27, 2020, 7:32 PM IST

ডিব্ৰুগড়, 27 জুলাই :দেশত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস চলি থকাৰ মাজতে সোমবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত শতাধিক ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনবাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাহৰকটীয়াত আছুৰ মানৱ শৃংখল

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে। প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই মানৱ শৃংখল কাৰ্যসূচীত "কা" খিলঞ্জীয়াৰ পৰিপন্থী, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে,"কা" আন্দোলনৰ ৫ জনকৈ শ্বহীদৰ ত্যাগক সন্মান জনাই অতিশীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকিয়নী প্ৰদান কৰে ৷ অন্যথা এই আইন বাতিল নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিতুপৰ্ণ গগৈয়ে ।

লগতে পঢ়ক : বানক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত ৰাজ‍্যজুৰি আমছুৰ মানৱ শৃংখল প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details