অসম

assam

By

Published : Mar 23, 2020, 11:06 AM IST

ETV Bharat / state

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ

ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত দেওবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ জুইত জাহ যায় কেইবাটাও বাসগৃহ ৷

cylinder blast in dibrugarh
বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ

ডিব্ৰুগড়, 23 মাৰ্চত :ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত বিধ্বংসী অগ্নিকাণ্ড। দেওবাৰে নিশা প্ৰায় 11:30 বজাত এটা আৱাসিক এলেকাত হঠাৎ সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ এই জুইত প্ৰায় দহটাকৈ বাসগৃহ জাহ যায়। অৱশ্যে ডিব্ৰুগড়,চাবুৱা,ডুলীয়াজান আৰু BCPLৰ পৰা অহা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ

আনহাতে, ডিব্ৰুগড়ৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত পানী নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ ফলত অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰে। কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতেই অগ্নি বিয়পি পৰে ঘৰকেইটালৈ । অগ্নিকাণ্ডত প্ৰমোদ,চনৰ্জিত,ৰঘুবিৰ,সম্ভূ,ৰামবালি,মহেন্দ্ৰ,চান্দেশ্বৰ আৰু ৰাজেন্দ্ৰ দাস নামৰ লোক কেইজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে চাৰখাৰ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিবপৰা নাই যদিও স্থানীয় লোকে চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।
লগতে পঢ়ক : ৩১ মাৰ্চলৈ যাত্ৰীবাহী সকলো বাহন বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details