অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত একেদিনাই সংঘটিত দুটাকৈ অগ্নিকাণ্ড - ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰি

ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ লগতে হনুমান ছিংঘানীয়া পথৰ এটা ঘৰৰ পিচফালে থকা গুডামত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি ৷

দুটাকৈ অগ্নিকাণ্ড
দুটাকৈ অগ্নিকাণ্ড

By

Published : Mar 17, 2020, 10:46 PM IST

ডিব্ৰুগড়, 17 মাৰ্চঃ একেদিনাই ডিব্ৰুগড়ত সংঘটিত হয় দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ড ৷ ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ শিৱনাথ ভট্টাচাৰ্য পথৰ ৰঞ্জু ভট্টাচাৰ্য নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত অগ্নি সংযোগ হোৱা ঘটনাৰ পিচতে হনুমান ছিংঘানীয়া পথৰ এটা ঘৰৰ পিচফালে থকা গুডামত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড ৷

ৰঞ্জু ভট্টাচাৰ্য নামৰ লোকগৰাকীৰ ঘৰত হোৱা এই অগ্নি সমযোগৰ ঘটনাত কোনো লোক আহত হোৱা নাই যদিও তেওঁ ভাড়ালৈ দিবলৈ সজা বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও বৰ্তমানলৈ জানিব পৰা নাই অগ্নি সংযোগৰ কাৰণ ৷

ডিব্ৰুগড়ত একেদিনাই সংঘটিত দুটাকৈ অগ্নিকাণ্ড

আনহাতে হনুমান ছিংঘানীয়া পথৰ নিবাসী সুনীল সুভাচৰীয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃত সংলগ্ন বৃহৎ গুডামটোত সংঘটিত হোৱা অগ্নিকাণ্ডই আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পিচত ৷ স্থানীয় আৰু BCPLৰ পৰা অহা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, SDRF বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় ডেৰ ঘন্টা সময়ৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে ঘন জনবসতিপূৰ্ণ অঞ্চলটো ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত নহ'লেও জুইত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি ৷ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে উক্ত গুডামটোত ফটকা মজুত ৰখা হৈছিল, যাৰ বাবে ফটকাৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃচিৰাঙত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details