ডিব্ৰুগড়, 29 জুন : ডিব্ৰুগড় চহৰৰ তিনিকুনীয়াৰ শিশু ভাৰতী বিদ্যালয়ৰ সমীপৰ বিশাল বসতি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় বহুকেইটা আৱাসগৃহ ৷ আঠটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি ৷
উল্লেখ্য যে, এই অগ্নিকাণ্ডত মনিশ চাক্সেনা নামৰ লোকজনৰ ভাড়ালৈ দিয়া সৰু-বৰ প্ৰায় কুৰিটা বাসগৃহ ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ক্ষয়-ক্ষতি সম্পৰ্কে বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ কিন্তু বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ছাই হোৱাৰ আশংকা কৰা হৈছে ৷
অগ্নিকাণ্ডটোৰ ফলত কেইবাগৰাকীও নাৰ্চৰ ভাড়া লৈ থকা বাসগৃহ জাহ যায় ৷ ক'ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পুৱাৰ পৰা কৰ্তব্যত ব্যস্ত থকা নাৰ্চ কেইগৰাকীয়ে সন্ধিয়া ঘূৰি আহি নাপালে নিজৰ একো সা-সামগ্ৰী ৷ চকুৰ প্ৰচাৰতে এটা এটাকৈ জ্বলি গ'ল বাসগৃহসমূহ ৷