অসম

assam

ETV Bharat / state

Brahmaputra River erosion: ডিব্ৰুগড় চহৰলৈ ভাবুকি মাতিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই - Floods in Assam

ডিব্ৰুগড় মাৰোৱাৰীপট্টিত চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া ৰোধৰ চেষ্টা জিলা প্ৰশাসন, জলসম্পদ বিভাগৰ

threat to Dibrugarh town
erosion of River Brahmaputra

By

Published : Jun 15, 2023, 6:56 PM IST

ডিব্ৰুগড় চহৰলৈ ভাবুকি মাতিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

ডিব্ৰুগড়, 15 জুন: ব্ৰহ্মপুত্ৰৰ খহনীয়াই ক্ৰমাৎ বিপদ মাতিছে ডিব্ৰুগড় চহৰলৈ ৷ চহৰখনৰ মাৰোৱাৰীপট্টি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যোৱা 13 জুনৰ পৰা অঞ্চলটোত আৰম্ভ হয় খহনীয়া ৷ বৃহস্পতিবাৰে খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে চহৰবাসী ।

জলস্তৰ বৃদ্ধিৰ লগে লগে ডিব্ৰুগড়ত বৰলুইতে চলাইছে তাণ্ডৱ । ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও চকুৰ সন্মুখতে চপৰা চপৰে পাৰ খহাই নিয়াৰ ফলত উপায়হীন হৈ পৰিছে বিভাগ ৷ যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ ।

ইয়াৰ লগে লগে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈয়ো তীব্ৰ ভাবুকি সৃষ্টিৰ আশংকা বৃদ্ধি পাইছে । দুদিন পূৰ্বে মাৰোৱাৰীপট্টিত 6 নং স্পাৰত হোৱা ভয়ংকৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছিল চহৰবাসী । খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম আগবঢ়াইছিল জিলা প্ৰশাসনে ।

জিঅ' বেগেৰে খহনীয়া ৰোধৰ চেষ্টা প্ৰশাসনে চলাই থকাৰ মাজতে বৃহস্পতিবাৰে পুনৰ 8 নং স্পাৰত খহনীয়া সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ ।

লগতে পঢ়ক:River bank erosion: ডিব্ৰুগড় চহৰৰ মাজমজিয়াত মাৰোৱাৰীপট্টিত খহনীয়াৰ ভয়ংকৰ ৰূপ

উল্লেখযোগ্য যে, চলিত বছৰটোত প্ৰতিদিনে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত খহনীয়াৰ সৃষ্টি হৈছিল । জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যি ধৰণে কাম কৰিব লাগিছে তেনে পৰিবেশ ডিব্ৰুগড়ত দেখিবলৈ পোৱা নগ'ল । ফলত কেইটামান দিন বৰষুণ হোৱাৰ পাচতেই খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । এই ভয়ংকৰ খহনীয়াই ডিব্ৰুগড় চহৰখনৰ মূল প্ৰতিৰক্ষা বান্ধলৈ ভাবুকি কঢ়িয়াই আনিছে ।

গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে কম দিনতে ভয়ংকৰ বিপদত পৰিব ডিব্ৰুগড় চহৰ । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে ৰাইজক আতংকিত নহ'বলৈ আশ্বাস দিছে যদিও ঐতিহাসিক ডিব্ৰুগড় চহৰখন ৰক্ষা কৰিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

উল্লেখ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱামতে অহা এসপ্তাহ অসমত অব্যাহত থাকিব বৃষ্টিপাত ৷ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰৱলৰ পৰা অতি প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ৰাজ্যৰ 4 খন জিলা বানৰ কবলত পৰিছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 19 হাজাৰ লোক ৷

ABOUT THE AUTHOR

...view details