অসম

assam

ETV Bharat / state

নাহৰকটীয়াৰ চাহ বাগিছাত কৰ'ণাৰ ব্যাপক গণ সংক্ৰমণ - চাহ শ্ৰমিক

নাহৰকটীয়া চাহ বাগিছাৰ অন্তৰ্গত ১৪ খন চাহ বাগিছাৰ ডেৰ শতাধিক পৰিয়াল আক্ৰান্ত হৈছে ক'ভিডত ৷ চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাই অফলাইনৰ জৰিয়তে ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷

mass-infection-at-tea-estate-areas-of-naharkatia
নাহৰকটীয়াৰ চাহ বাগিছাত কৰ'ণাৰ ব্যাপক গণ সংক্ৰমণ

By

Published : May 29, 2021, 9:40 AM IST

মৰাণ, 29 মে’ : নগৰ অঞ্চলৰ পৰা মহামাৰী কৰ'ণা এতিয়া ধাৱমান হৈছে গ্ৰাম্যঞ্চললৈ । বিশেষকৈ চাহ বাগিছা অধ্যুষিত অঞ্চলত ভয়াৱহ ৰূপ লৈছে কৰ'ণাই । প্ৰতিদিনে ক'ভিডত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজনকৈ চাহ শ্ৰমিকসকল । নাহৰকটীয়াৰ ১৪ খনকৈ চাহ বাগিছা এতিয়া কৰ'ণাৰ কৱলত । হাপজান, জয়পুৰ, তৰাজান, নাহৰকটীয়া, লেঙেৰীজান, কলিয়াপানী, ডিচাম, আচাবাম, উমাতাৰা, হৰীশপুৰ, সতীশপুৰ, তিনিআলিকে ধৰি ১৪ খন চাহ বাগিছাৰ প্ৰায় ডেৰ শতাধিক পৰিয়াল ক'ভিডত আক্ৰান্ত হৈছে ।

নাহৰকটীয়াৰ চাহ বাগিছাত কৰ'ণাৰ ব্যাপক গণ সংক্ৰমণ

আনহাতে চাহ বাগিছা এলেকাত প্ৰতিদিনে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ নাহৰকটীয়া শাখা । ক’ভিডৰ এনে ভয়াৱহ সংক্ৰমণৰ মাজত চাহ শ্ৰমিকসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আটছাৰ নাহৰকটীয়া শাখাই চাহ বাগিছা এলেকাত চাহ শ্ৰমিক সকলক এশ শতাংশ ৰেপিড পৰীক্ষা আৰু ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী উত্থাপন কৰে । বহু চাহ শ্ৰমিকৰ এন্ড্ৰইড মোবাইল ফোন নথকাত অনলাইন পঞ্জীয়নৰ জৰিয়তে প্ৰতিষেধক ল'ব নোৱাৰে ৷ গতিকে চাহ শ্ৰমিক সকলক অফলাইনৰ জৰিয়তে ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী উত্থাপন কৰিছে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে ।

ইফালে ক'ভিডৰ ভয়াৱহতা প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে নিত্য নতুন নিৰ্দেশনা জাৰি কৰিছে যদিও চাহ বাগিছা এলেকাৰ বাবে কোনোধৰণৰ নিৰ্দেশনা জাৰি নকৰাত উদ্বেগ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে আটছাই চাহ শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চাহ বাগিছাৰ বাবেও এখন নিৰ্দেশনা প্ৰদানৰ দাবী উত্থাপন কৰে ।
লগতে পঢ়ক : বড়োধানৰ খেতিৰে স্বাৱলম্বী ৰঙিয়াৰ এহেজাৰ কৃষক

ABOUT THE AUTHOR

...view details