মৰাণ, 25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৷ চৰকাৰ অথবা প্ৰশাসনে জনসাধাৰণক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সদস্যসকলে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷
লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিনামূলীয়া মাস্ক বিতৰণ - লাহোৱাল মণ্ডল
কৰ'ণা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিশেষ পদক্ষেপ ৷ কৰ্মী সকলে ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ ৷
লাহোৱালত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিনামূলীয়া মাস্ক বিতৰণ
কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে এক কালৰূপ লোৱাৰ সময়তে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে প্ৰতিদিনে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি আহিছে ৷ দেওবাৰৰ দিনটোত লাহোৱাল মণ্ডলৰ যুৱমৰ্চাৰ সহযোগত লাহোৱালৰ জনসমাগম হোৱা অঞ্চল সমূহত মৰ্চাৰ কৰ্মী সকলে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে কৰ'ণা মহামাৰীৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷