অসম

assam

ETV Bharat / state

মৰাণত শ্বহীদ দিৱস পালন - martyres day observed at moran

অসম আন্দোলনৰ শ্বহীদ মনেশ্বৰ গোঁহাই আৰু শ্বহীদ ভলোকা গোঁহাইৰ পবিত্ৰ স্মৃতিত বুধবাৰে মৰাণত শ্বহীদ দিৱসৰ আয়োজন ৷ শ্বহীদ বেদীৰ পৰাই 'কা' মানি নোলোৱাৰ হুংকাৰ দিলে আছু কৰ্মীৰ লগতে শ্বহীদৰ পৰিয়ালে ৷

martyres day observed at moran
martyres day observed at moran

By

Published : Feb 25, 2021, 1:55 PM IST

মৰাণ,25 ফেব্ৰুৱাৰী:সমগ্ৰ ৰাজ্যৰ লগতেবুধবাৰে মৰাণতো অসম আন্দোলনৰ শ্বহীদ মনেশ্বৰ গোঁহাই আৰু শ্বহীদ ভলোকা গোঁহাইৰ স্মৃতিত শ্বহীদ দিৱসৰ আয়োজন কৰা হয় ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গজপুৰীয়া প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সহযোগত মৰাণত অসম আন্দোলনৰ শ্বহীদ দুগৰাকীৰ স্মৰণ কৰা হয় ৷

মৰাণৰ ৰছীপথাৰত শ্বহীদ ভলোকা গোহাঁই আৰু মনেশ্বৰ গোঁহাইৰ শ্বহীদ বেদীত অনুষ্ঠিত এই শ্বহীদ দিৱসত আছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয় ৷ শ্বহীদদ্বয়ৰ বেদীত বন্তি প্ৰজ্বলন কৰি আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক ভাস্কৰ বৰুৱাই অসম আন্দোলনৰ 855 গৰাকী শ্বহীদক স্মৰণ কৰে ৷

শ্বহীদ বেদীৰ পৰাই কা মানি নোলোৱাৰ হুংকাৰ দিলে আছু কৰ্মীৰ লগতে শ্বহীদৰ পৰিয়ালে

শ্বহীদ বেদীত শপত লৈ আছুৰ সদস্য সকলে শপত লৈ জাতীয়তাবাদী ক্ষেত্ৰত কোনো কাৰণতে অসমীয়া জাতি, মাটি, ভেঁটি ধ্বংস কৰিবলৈ বিচৰা সকলক ক্ষমা কৰা নহ'ব বুলি হুংকাৰ দিয়ে ৷ বিজেপি চৰকাৰে বলবৎ কৰা 'কা' (নাগৰিকত্ব সংশোধনী আইন) কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও আছু কৰ্মী সকলে হুংকাৰ দিয়ে ৷ আছুৰ লগতে শ্বহীদৰ পৰিয়ালেও কোনো কাৰণতে জাতিধ্বংসী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:খুমটাইত চুকাফাৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details