মাৰ্ঘেৰিটা, 2 মাৰ্চ :বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থীত্ব প্ৰদানক লৈ সৃষ্টি হৈছে তীব্ৰ মতানৈক্যৰ ৷ সকলো দলৰ সমৰ্থকৰ মাজত বৰ্তমান নিজ নিজ পচন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দলৰ শীৰ্ষ নেতৃত্বক হেঁচা প্ৰয়োগ কৰাৰ পৰিলক্ষিত হৈছে ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো পৰিলক্ষিত হৈছে একে দৃশ্য ৷ সমষ্টিটোত বিজেপি দলৰ পৰা বিধায়ক ভাস্কৰ শৰ্মাক পুনৰ টিকেট দিয়াৰ দাবীত সৰৱ ভূমিকা গ্ৰহণ কৰিছে দলটোৰ প্ৰতিটো পঞ্চায়ত, বুথ তথা বিভিন্ন মৰ্চাৰ প্ৰায় শতাধিক দলীয় নেতা-কৰ্মীয়ে ৷
আজি মাৰ্ঘেৰিটা ব্ল’কৰ সভাপতি ভৱেশ দত্ত, বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণ আৰু জিলা উপ সভাপতি ভীম কৰ্মকাৰে এখন সংবাদমেল সম্বোধন কৰি সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক পুনৰ দলীয় টিকেট প্ৰদানৰ দাবী জনায় । দলটোৰ প্ৰতিটো পঞ্চায়ত, বুথ তথা বিভিন্ন মৰ্চাৰ প্ৰায় শতাধিক দলীয় নেতা-কৰ্মীৰ অংশগ্ৰহণ কৰা সংবাদমেলত তাৎপৰ্যপূৰ্ণভাৱে বহু প্ৰাৰ্থীত্ব দাবীদাৰ থকাৰ পাছতো সকলো নেতা কৰ্মী তথা টিকট দাবীদাৰে ভাস্কৰ শৰ্মাকে সমৰ্থন কৰিব বুলি জনায় ৷