মৰাণ, 30 জুলাই :মৰাণত পুনৰ ক'ভিডৰ আতংক (Covid cases increase at Moran) । এইবাৰ এখন বিদ্যালয়ত ক'ভিডৰ আক্ৰান্ত হৈছে 12 জনকৈ ছাত্ৰ-ছাত্ৰী । তথ্য অনুসৰি, ডিব্ৰুগড় জিলা মৰাণৰ নৱোদয় বিদ্যালয়ত ধৰা পৰিছে 12 জন ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি (Many student tested corona positive at Novodaya Vidyalaya) ।
বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি, হঠাৎ বিদ্যালয়ৰ অধিকাংশ শিক্ষাৰ্থীৰ জ্বৰ, কাঁহ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে ৷ ফলত বিদ্যালয়ৰ কৰ্তৃপক্ষ কাষ চাপে চিকিৎসকৰ ৷ তাৰ পাচত খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা বিদ্যালয়খনত স্বাস্থ্য বিভাগৰ এটা দলে উপস্থিত হৈ শিক্ষাৰ্থীসলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷
শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বিদ্যালয়খনৰ 12গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ।