অসম

assam

ETV Bharat / state

Agneepath scheme: অগ্নিবীৰ হোৱাৰ মানসেৰে টিংখঙত প্ৰশিক্ষণ ২ শতাধিকৰ - many people training in Tingkhong to become Agniveer

মন্ত্ৰী বিমল বড়াৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, টিংখং স্পৰ্ট এছ'চিয়েচন, কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকৰ সহযোগত যুৱক-যুৱতীক অগ্নিপথত অন্তৰ্ভুক্তিৰ বাবে সহায়ক হোৱাকৈ মঙলবাৰৰ পৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । য'ত প্ৰায় ২০০ যুৱক-যুৱতীয়ে গ্ৰহণ কৰিছে প্ৰশিক্ষণ (Many have trained to become Agniveer)। সৈনিক আৰু প্ৰাক্তন সৈনিকসকলে প্ৰদান কৰিছে প্ৰশিক্ষণ ।

moran
অগ্নিবীৰ হোৱাৰ মানসেৰে টিংখঙত প্ৰশিক্ষণ ২ শতাধিকৰ

By

Published : Jul 6, 2022, 7:00 PM IST

মৰাণ,৬ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Agneepath scheme)। বহু স্থানত এই আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাও দেখা গৈছে (Protest against Agneepath scheme)। আনহাতে শাসকীয় পক্ষই এই আঁচনিৰ প্ৰশংসা কৰিছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ টিংখঙত এক বিশেষ দৃশ্য পৰিলক্ষিত হৈছে ।

অগ্নিপথৰ জৰিয়তে অগ্নিবীৰ হ'বলৈ অঞ্চলটোৰ একাংশ যুৱক-যুৱতী আগ্ৰহী হোৱা দেখা গৈছে । যাৰ বাবে দিৰৈ বাগান খেলপথাৰত প্ৰায় ২০০ যুৱক-যুৱতীয়ে গ্ৰহণ কৰিছে প্ৰশিক্ষণ (Many have trained to become Agniveer at Tingkhong)। দেশমাতৃৰ সেৱাৰ উদ্দেশ্যে অগ্নিপথ আঁচনিৰ জৰিয়তে সেনা বাহিনীত যোগদানৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছে যুৱক-যুৱতীসকলে ।

অগ্নিবীৰ হোৱাৰ মানসেৰে টিংখঙত প্ৰশিক্ষণ ২ শতাধিকৰ

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ উদ্যোগত যুৱক-যুৱতীসকলক প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ । মন্ত্ৰীগৰাকীৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, টিংখং স্পৰ্ট এছ'চিয়েচন, কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকৰ সহযোগত অঞ্চলটোৰ যুৱক-যুৱতীক অগ্নিপথত অন্তৰ্ভুক্তিৰ বাবে সহায়ক হোৱাকৈ মঙলবাৰৰ পৰা এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে ।

এই প্ৰশিক্ষণ শিবিৰত যুৱক-যুৱতীসকলে অধিক আগ্ৰহেৰে অংশগ্ৰহণ কৰা দেখা গৈছে । ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে সৈনিক আৰু প্ৰাক্তন সৈনিকসকলে । যাৰ পৰিপ্ৰেক্ষিতত এই প্ৰশিক্ষণৰ যোগেদি যথেষ্ট সংখ্যক যুৱক-যুৱতী অগ্নিবীৰ হোৱাত সহায়ক হ'ব বুলি মত প্ৰকাশ কৰে উদ্যোক্তাই ।

লগতে পঢ়ক :বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

For All Latest Updates

ABOUT THE AUTHOR

...view details