মৰাণ, 19 ছেপ্টেম্বৰ:ডিব্ৰুগড় জিলাৰ দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Dibrugarh) ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এজন লোকক হত্যাৰ খবৰ পোহলৈ আহিছে (One killed at Duliajan)৷
ঘটনা অনুসৰি দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ৩ নং চপাতলিত সংঘটিত হৈছে এই হত্যাকাণ্ডটো (Murder case at Duliajan) ৷ বীৰচা ইন্দুৱাৰ নামৰ এজন লোকে দীৰ্ঘদিন ধৰি ত্ৰাস চলাই আহিছিল অঞ্চলটোত ৷ বীৰচাই প্ৰায়েই মদ্যপান কৰি ঘৰৰ লোকৰ সৈতে গাঁৱৰ লোককো আক্ৰমন কৰিছিল (One dead at family conflict) ৷
দেওবাৰে দিনত বীৰচাৰ বাসগৃহত তেওঁৰ ভতিজীৰ আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈছিল ৷ এই অনুষ্ঠানৰ ওখল মাখলৰ মাজতেই নিশা পুনৰ বীৰচাই ঘৰলৈ আহি পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমন চৱোলাৰ চেষ্টা কৰে ৷
আক্ৰমনৰ পৰা বাচিবলৈ ঘৰৰ দুৱাৰ মাৰি নিজকে আৱদ্ধ কৰি ৰাখে ভয়াৰ্ত পৰিয়ালটোৱে ৷ দুৱাৰ মৰা দেখি খঙত অগ্নিশৰ্মা হৈ বীৰচাই ঘৰৰ দুৱাৰখন ভাঙিবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ বহু প্ৰচেষ্টাৰ মূৰত বীৰচাই দুৱাৰ ভাঙি ঘৰৰ ভিতৰত থকা ককায়েক, বৌৱেক, ভতিজীৰ ওপৰত জধে-মধে আক্ৰমন চলায় ৷