অসম

assam

ETV Bharat / state

Husband Stabs Wife: যৌতুক বিচাৰি পত্নীক কুঠাৰেৰে ঘপিয়ালে স্বামীয়ে - Crime against women cases increases

যৌতুক বিচাৰি পত্নীক কুঠাৰেৰে আক্ৰমণ পাষাণ স্বামীৰ ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙত এগৰাকী মহিলাক স্বামীয়ে কুঠাৰেৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে (Dowry case in Assam) ৷

Man stabs wife with an axe to ask for dowry in Dibrugarh
যৌতুক বিচাৰি পত্নীক কুঠাৰেৰে ঘপিয়ালে স্বামীয়ে

By

Published : Feb 7, 2023, 3:22 PM IST

যৌতুক বিচাৰি পত্নীক কুঠাৰেৰে ঘপিয়ালে স্বামীয়ে

মৰাণ, 7 ফেব্ৰুৱাৰী: যৌতুক প্ৰথা হৈছে আমাৰ দেশৰ এক সামাজিক ব্যাধি ৷ দেশৰ বিভিন্ন ৰাজ্যত কন্যাৰ বিবাহৰ ক্ষেত্ৰত পৰিয়ালসমূহ যৌতুক প্ৰথাৰ বলি হোৱা দেখা যায় ৷ দৰাৰ ঘৰৰ পৰা দাবী কৰা অনুযায়ী কইনাৰ সৈতে বিভিন্ন সা-সম্পতি, বৃহৎ অংকৰ ধন, মাটি আদি দিবলৈ বাধ্য হয় কইনাৰ পৰিয়াল ৷ আইনীভাৱে যৌতুক প্ৰথা অগ্ৰহণযোগ্য যদিও এই পৰম্পৰাৰ পৰা আমি মুক্ত হ’ব পৰা নাই ৷

উত্তৰ আৰু দক্ষিণ ভাৰতত প্ৰধানতঃ যৌতুক প্ৰথাৰ ব্যাপক প্ৰচলন আছে যদিও অসমতো এই প্ৰথাই ক্ৰমাৎ গা কৰি উঠিছে ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Crime against women cases increases) ৷ প্ৰতিদিনেই উদ্বেগজনকভাৱে নাৰীয়ে ঘৰুৱা হিংসাৰ বলি হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙত এগৰাকী মহিলাক স্বামীয়ে কুঠাৰেৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (Dowry case in Assam) ৷

ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঠেঙালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা (Husband Stabs Wife at Khowang) ৷ মঙলবাৰে কাহিলী পুৱাতে ঠেঙাল গাঁৱৰ লোহিত সন্দিকৈ (৩৬) নামৰ ব্যক্তিজনে পত্নী চম্পা সন্দিকৈক (৩২) পিচফালৰ পৰা মূৰত এখন কুঠাৰেৰে আক্ৰমণ কৰে । নিশা প্ৰায় 3 বজাত সাংস্কৃতিক অনুষ্ঠান চাই ঘৰলৈ উভতিছিল লোহিত ৷ পত্নীয়ে ইমান দেৰি কিয় হ’ল বুলি সোধা প্ৰশ্নত কোনো উত্তৰ নিদি লোহিত ঘৰৰ ভিতৰলৈ সোমাই যায় ৷ পৰৱৰ্তী সময়ত পত্নীয়ে প্ৰস্ৰাৱগাৰলৈ যাওঁতেই পিচফালৰ পৰা লোহিতে কুঠাৰেৰে ঘপিয়াই পত্নীক (Man stabs wife with an axe to ask for dowry) ৷

স্বামীৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নীয়ে লগে লগে ঘৰৰ লোকক অৱগত কৰাত ততালিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে (Injured wife admitted in hospital)৷ জানিব পৰামতে ইয়াৰ পূৰ্বেও বহুবাৰ চম্পাক ঘৰৰ ভাতৃৰ পৰা ধন খুজিবলৈ কৈ মাৰধৰ কৰিছিল লোহিতে ৷ পূৰ্বেও স্বামীৰ অত্যাচাৰত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল তেওঁ । এই মাৰধৰৰ ঘটনা থানা পৰ্যন্তও পাইছিল ৷ কিন্তু লোহিতে থানাত এই ঘটনা পুনৰাই নহয় বুলি কথা দিয়াত চম্পা স্বামীগৃহলৈ উভতি আহে ৷

উক্ত ভয়ংকৰ ঘটনাৰ পূৰ্বেও লোহিতে চম্পাক ভাতৃৰ পৰা ধন বিচাৰিবলৈ দাবী ধমকি দিছিল ৷ ইফালে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিছে ৷ চিকিৎসাধীন চম্পা সন্দিকৈ আৰু পৰিয়ালে লোহিতক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (বি) ধাৰা অনুসৰি যৌতুক বিচাৰি হত্যা কৰা ঘটনাক জঘন্য অপৰাধ হিচাপে বিবেচনা কৰা হয় । নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰোৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাতে যৌতুকৰ নামত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় । শেহতীয়া ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) (National Crime Records Bureau)ৰ প্ৰতিবেদন অনুসৰি, 2021 চনত দেশত 6753 টা যৌতুক সম্পৰ্কীয় গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷

লগতে পঢ়ক :Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details