মৰাণ, 13 মাৰ্চ :ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder in Dibrugarh) । জানিব পৰা মতে, শোনিত তাঁতী নামৰ এজন ৩৫ বছৰীয়া লোকে হত্যা কৰে ৪ বছৰীয়া এটি শিশুক (Brutal murder in Dibrugarh) ৷ নিহত শিশুটি জোনাকী মুড়া আৰু ৰাণা মুড়াৰ সন্তান উজ্জ্বল মোড়া বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে নিজ ঘৰৰ চোতালতে সমনীয়াৰ সৈতে খেলি আছিল 4 বছৰীয়া উজ্জ্বল মোড়া ৷ খেলি থকা অৱস্থাতে হঠাৎ শিশুটিৰ ডিঙি কাটি হত্যা কৰে শোনিত তাঁতীয়ে ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত শোনিত তাঁতী মানসিকভাৱে বিকাৰগ্ৰস্ত ৷
উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ তাৰ পাচতেই খেদি খেদি ৰাইজে প্ৰহাৰ কৰে অভিযুক্ত শোনিত তাঁতীক ৷ ক্ষুব্ধ ৰাইজৰ প্ৰহাৰত মৃত্যু হয় শোনিত তাঁতীৰ ৷