মৰাণ, 8 মে’: শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ সংগীতানুষ্ঠানত সংঘটিত হৈছে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠানৰ(Rakesh Reeyan Bihu programme) মাজতে সংঘটিত হ’ল ছুৰিকাঘাতৰ ঘটনা (Knife attack at Chabua) ৷ চাবুৱাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷
চাবুৱাত বিহু সন্মিলন(Chabua Anchalik Bihu Sanmilan) উপভোগ কৰি থকা সময়তে এজন যুৱকৰ হাত আৰু পেটত ছুৰীৰে গুৰুতৰভাৱে আঘাত কৰাৰ ফলত সংকটজনক অৱস্থাত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । ছুৰিকাঘাতৰ ফলত চাবুৱাৰ হাটখোলা গাঁৱৰ মানস গগৈ (৩৩) নামৰ যুৱকজনৰ পেটৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই অহা বুলি জানিব পৰা গৈছে ৷