অসম

assam

ETV Bharat / state

নাহৰকটীয়াত টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন - dibrugarh maik sunk fai festival

ডিব্ৰুগড় নাহৰকটীয়াত দুদিনীয়া কাৰ্যসূচীৰে পালন টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ ৷ বৌদ্ধধৰ্মত বিশ্বাসী টাই লোকৰ মেজি জ্বলোৱা উৎসৱটিয়েই হৈছে মাইক’ চুম ফাই উৎসৱ ৷

নাহৰকটীয়া
নাহৰকটীয়া টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন

By

Published : Feb 8, 2020, 5:59 PM IST

Updated : Feb 8, 2020, 11:03 PM IST

নাহৰকটীয়া, 8 ফেব্ৰুৱাৰীঃঅসমৰ সমাজ জীৱনৰ চহকী কলা-কৃষ্টিৰে সমৃদ্ধ অন্যতম জনগোষ্ঠী হৈছে টাই ফাকে লোকসকল ৷ মূলতঃ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বসতি থকা থেৰবাদী বৌদ্ধধৰ্মত বিশ্বাসী এইসকল লোকৰ মেজি জ্বলোৱা উৎসৱটিয়েই হৈছে মাইক’ চুম ফাই ৷ টাইফাকে ভাষাত মাইক’ চুম ফাইৰ অৰ্থ হৈছে শাৰী শাৰীকৈ সজোৱা খৰিৰ স্তুপ ৷ মাঘ মাহৰ পূৰ্ণিমালৈ এটা দিন বাকী থাকোতে আয়োজন কৰা মাইক’ চুম ফাই উৎসৱটি শুকুৰবাৰে উলহ মালহেৰে আয়োজন কৰা হয় নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকেত ৷ জন বিশ্বাস অনুসৰি, মাঘী পূৰ্ণিমাৰ আগদিনা বুদ্ধই বৌদ্ধত্ব লাভ কৰাৰ লগতে ঘোষণা কৰিছিল তেওঁৰ পৰিনিৰ্বাণৰ ক্ষণ ।

নাহৰকটীয়া টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন

উল্লেখ্য যে, নামফাকে হৈছে টাইফাকে লোকসকলৰ বসতিপূৰ্ণ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ গাঁও ৷ এই নামফাকেতে আছে ৰাজ্যৰ সবাতোকৈ ডাঙৰ বৌদ্ধবিহাৰটি ৷ নামফাকেৰ কাষেদি বৈ যোৱা বুঢ়ীদিহিঙৰ বুকুত শুকুৰবাৰে নিশা জ্বলোৱা হয় পৰম্পৰাগ’ত মেজি ৷ দুদিন ধৰি চলিবলগীয়া এই উৎসৱৰ অংশ হিচাপে শনিবাৰে বৌদ্ধবিহাৰত বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনাৰো আয়োজন কৰে ৷ আনহাতে, বৌদ্ধ ধৰ্মৰ ৰীতি অনুসাৰে সমজুৱাকৈ প্ৰদান কৰা হ’ব পঞ্চশীল নীতিও ৷

আৰু পঢ়কঃ বৰপেটাত ভুৱা কৃষকৰ নামত ব্যাপক কেলেংকাৰী

Last Updated : Feb 8, 2020, 11:03 PM IST

ABOUT THE AUTHOR

...view details