মৰাণ, 16 আগষ্ট :প্ৰতিভা আৰু একাগ্ৰতা থাকিলে মানুহে যিকোনো অসম্ভৱ কাম সম্ভৱ কৰি তুলিবলৈ সক্ষম হয় ৷ তাৰেই এক উদাহৰণ দাঙি ধৰিছে মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ যুৱক সীমান্ত গগৈয়ে । মাতৃ দীপা গগৈ আৰু পিতৃ দুলাল গগৈৰ সন্তান সীমান্তই নতুন চিন্তা-চৰ্চাৰে চিত্ৰজগতলৈ এক নতুনত্ব কঢ়িয়াই অনাৰ চেষ্টা চলাইছে । চিত্ৰশিল্পীগৰাকীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জুই শিখাৰে অংকন কৰি উলিয়াইছে জাতিৰ পিতা মাহাত্মা গান্ধীৰ প্ৰতিচ্ছবি ।
জুই শিখাৰে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি অংকন - বিশ্ব শান্তি সন্মিলন
চিত্ৰশিল্পী সীমান্ত গগৈয়ে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত বৈকল্পিক চিকিৎসা পদ্ধতি বিকাশ সংস্থা ইণ্ডিয়া আৰু ৱ’ৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ড তথা নিৰোগৰ তত্বাৱধানত কাশ্মীৰত অনুষ্ঠিত বিশ্ব শান্তি সন্মিলনত Global Shanti Samman2021" (বিশ্ব শান্তি সন্মান) লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছিল ।
জুই শিখাৰে অংকন কৰা প্ৰতিচ্ছবিৰে শিল্পী সীমান্ত গগৈয়ে ৰাজ্যবাসীক জনালে স্বাধীনতা দিৱসৰ শুভেচ্ছা । উল্লেখ্য যে, ইয়াৰ পূৰ্বে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল মৰাণৰ সীমান্ত গগৈয়ে । প্ৰায় ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল সীমান্ত গগৈ ।
লগতে পঢ়ক :প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ, শীঘ্ৰেই তৃণমূললৈ