মৰাণ, 21 আগষ্ট : মহৰম উপলক্ষে শুকুৰবাৰে ডিব্ৰুগড়ত এক শান্তিপূৰ্ণ শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ ডিব্ৰুগড় জিলা আৰক্ষী আৰু প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ক'ভিড প্ৰট'কল ৰক্ষা কৰি ডিব্ৰুগড়ত তাজিয়া দলসমূহে বাহিৰ কৰে এই মিছিল । চহৰখনৰ পাঁচআলি, গাভৰুপথাৰ, মোহনাঘাট, লোহাৰপট্টি, নতুন বজাৰ, পাঠানপট্টি, পল্টনবজাৰ, মাইজান, ডিব্ৰুজান, গ্ৰেহেমবজাৰ, কালিবাৰী আদি স্থানৰ পৰা তাজিয়া দলসমূহে বাহিৰ কৰে মিছিল ।
ডিব্ৰুগড়ৰ মূল পথ সমূহেদি উক্ত মিছিলে পৰিভ্ৰমণ কৰি গ্ৰেহেম বজাৰ ঈদগাহ ময়দামত এই মিছিলৰ সামৰণি পৰে । ক'ভিড প্ৰট'কল মানি প্ৰতিখন তাজিয়া আৰু আখৰা কমিটিয়ে সৰ্বাধিক ২০-২৫ জন সদস্যই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মহৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয় । ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সাৰ্বজনীন পৰ্বত পৰিণত কৰিছে ।