অসম

assam

ETV Bharat / state

মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মাঘী মেলাৰ ব্যাপক প্ৰস্তুতি

দক্ষিণ বৰপথাৰ ফণীধৰ চুতীয়া সোঁৱৰণি সমন্বয় ক্ষেত্ৰত অহা 14 আৰু 15 জানুৱাৰীত অনুষ্ঠিত এই মাঘী মেলা ৷ ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ৷

By

Published : Jan 3, 2021, 8:40 PM IST

maghi-mela-will-be-celebrated-by-moran-student-union-at-moran-of-dibrugarh
মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মাঘী মেলাৰ ব্যাপক প্ৰস্তুতি

মৰাণ,3 জানুৱাৰী: নৱ-বৰ্ষৰ আনন্দ উল্লাসৰ মাজতে কেইটামান দিনৰ পাছতে ৰাজ্যজুৰি উদযাপিত হ'ব মাঘ বিহু ৷ ইয়াকেলৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে মৰাণতো আৰম্ভ হৈছে মাঘবিহুৰ ব্যাপক প্ৰস্তুতি ৷ এইবাৰ মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ বৰপথাৰ ৰাইজৰ সহযোগত দক্ষিণ বৰপথাৰ ফণীধৰ চুতীয়া সোঁৱৰণি সমন্বয় ক্ষেত্ৰত অহা 14 আৰু 15 জানুৱাৰীত অনুষ্ঠিত কৰিব ভোগৰ উৎসৱ ভোগালী বিহু ৷

মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মাঘী মেলাৰ ব্যাপক প্ৰস্তুতি

কৰ'ণা আতংকৰ বাবে পাৰ হোৱা বহাগ বিহুটি অনুষ্টুপীয়াকৈ পালন কৰিব লগা হোৱাৰ পাছতে কৰ'ণাৰ ভয়াৱহতা কম হোৱাত মৰাণত বৰ্নাঢ্য কাৰ্যসূচীৰে মাঘ বিহু পালনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে ৷ উল্লেখ্য যে,দেওবাৰে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উক্ত অনুষ্ঠানৰ লাইখুটা স্থাপন কৰে উদ্যোক্তা মণ্ডলীয়ে ৷ লগতে খেল পথাৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সদস্য সকল ৷ লগতে নৃত্য-গীতেৰে আখৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰি বোৱাৰী সকল ৷

লগতে পঢ়কঃচিৰাঙত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীন স্কুটি বিতৰণ

ABOUT THE AUTHOR

...view details