ডিব্ৰুগড়, 20 নৱেম্বৰঃআজি সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ তৃতীয় দিন ৷ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ অন্তত ইটিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ অসমৰ ৰাইজৰ জাতীয়তাবাদী ধাৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ ইয়াৰ উপৰিও কা আন্দোলন,অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ,এন আৰ চি আদিৰ দৰে ৰাজ্যবাসীৰ বিভিন্ন সমস্যা সমূহক লৈ সংগঠনটোৱে ৰাইজৰ হকে প্ৰতিটো সময়তেই থিয় হৈ থকাৰ কথাও সোঁৱৰে আছুৰ সাধাৰণ সম্পদাকৰ গৰাকীয়ে ৷ আনহাতে,আগন্তুক দিনত ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত মন্তব্য কৰি তেখেতে কয় এই সিদ্ধান্ত প্ৰতিনিধি সভাৰ অন্তত আলোচনাৰ দ্বাৰাহে গ্ৰহণ কৰা হ’ব ৷
আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ - দুলীয়াজান অধিৱেশনৰ লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ
অসমৰ ৰাইজৰ জাতীয়তাবাদী ধাৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ আনহাতে,আগন্তুক দিনত ৰাজনৈতিক দলত যোগদান সন্দৰ্ভত অধিৱেশনৰ অন্তত আলোচনাৰ মাজেৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সাংবাদিকক অৱগত কৰে গগৈয়ে ৷

আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ
আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ
Last Updated : Nov 20, 2020, 9:29 PM IST