মৰাণ, ১৬ অক্টোবৰ :বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধত (Prevention of floods and erosion) ব্যৰ্থ হোৱা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (AJP leader Lurinjyoti Gogoi slams Govt)। দেওবাৰে ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত মাইজান অঞ্চল পৰিদৰ্শন কৰি চৰকাৰক কটু সমালোচনা কৰে নেতাগৰাকীয়ে (Lurinjyoti Gogoi visits erosion affected areas)।
লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰা মতে দীৰ্ঘ সময়ৰ পৰা অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰাৰ পাছতো আজিলৈ চৰকাৰে কোনো পদক্ষেপ নল'লে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Union minister Rameswar Teli) আৰু সৰ্বানন্দ সোণোৱালকো তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।
ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হোৱাৰ (Massive erosion in Maijan Dibrugarh) দহ দিন পাৰ যোৱাৰ পাছতো চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে । ইফালে খহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা ভুক্তভোগী পৰিয়াল বিভিন্ন ধৰণৰ সংকটত পৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ।