মৰাণ,২৪ এপ্ৰিল: বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ ভাস্কৰ্য শিল্পী হেমন কোঁৱৰৰ ঘৰত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । শনিবাৰে শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ল'লে লুৰিণজ্যোতি গগৈয়ে ।
হেমন কোঁৱৰে ঘৰত উপস্থিত হৈ ভাস্কৰ্য শিল্পৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে সভাপতি লুৰিণজ্যোতি গগৈ । শিল্পী গৰাকীয়ে ঘৰতে এক সংগ্ৰহালয় তৈয়াৰ কৰিছে । আজিৰ দিনতো এই সংগ্ৰহালয় সঁচাই প্ৰশংসনীয় বুলি কয় জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ।