মৰাণ, 17 নৱেম্বৰ : আছুৰ সহকাৰী সম্পাদক পদৰ পৰা পদত্যাগ কৰা মনোৱাৰ হুছেইনৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে,"কাৰোবাৰ ষড়যন্ত্ৰত আছুৰ বিৰুদ্ধাচৰণ কৰিছে। আছুত কাম কৰা কোনো কৰ্মকৰ্তাক লৈ আছু নেতৃত্বই কোনো দিনে বেয়া চিন্তা নকৰে। আমাৰ বিৰুদ্ধে অনা অভিযোগ ষড়যন্ত্ৰমূলক। "
মনোৱাৰ হুছেইনৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ - AASU
আছুৰ দুলীয়াজান কেন্দ্ৰীয় অধিবেশনত লুৰিণজ্যোতি গগৈয়ে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰি অসম জাতীয় পৰিষদত কৰিব নে পুনৰ আছুৰ নেতৃত্বত থাকিব সেয়া প্ৰতিনিধি সভাই নিশ্চিত কৰিব বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে।
মনোৱাৰ হুছেইনৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ
আছুৰ দুলীয়াজান কেন্দ্ৰীয় অধিবেশনত লুৰিণজ্যোতি গগৈয়ে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰি অসম জাতীয় পৰিষদত কৰিব নে পুনৰ আছুৰ নেতৃত্বত থাকিব সেয়া প্ৰতিনিধি সভাই নিশ্চিত কৰিব বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে।
উল্লেখ যে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মনোৱাৰ হুছেইনে আছু ত্যাগ কৰি বৰ্তমানৰ আছুৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল ।