অসম

assam

ETV Bharat / state

মন্ত্ৰী ৰঞ্জিত দাসক সকিয়নী লুৰীণজ্যোতি গগৈৰ - Lurinjyoti Gogoi reaction

দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা মূল্যবৃদ্ধি সন্দৰ্ভত বৃহস্পতিবাৰে নগাঁৱত কেতবোৰ তৰল মন্তব্য কৰিছিল খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৷ উক্ত মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

urinjyoti-gogoi-reaction-on-ranjit-das-comment
মন্ত্ৰী ৰঞ্জিত দাসক সকিয়নী লুৰীণজ্যোতি গগৈৰ

By

Published : May 28, 2021, 4:02 PM IST

ডিব্ৰুগড়, 28 মে': নৱ গঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে শেহতীয়াকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিশেষকৈ কণী, মিঠাতেল ইত্যাদিৰ মূল্যবৃদ্ধিক লৈ প্ৰকাশ কৰা তুলুঙা মন্তব্যক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লগতে ক'লা বজাৰ, চিণ্ডিকেট ৰাজ বন্ধৰ বিপৰীতে এনে তুলুঙা মন্তব্য নকৰিবলৈ মন্ত্ৰী ৰঞ্জিত দাসক সকীয়াই দিছে লুৰীণজ্যোতি গগৈয়ে ৷

মন্ত্ৰী ৰঞ্জিত দাসক সকিয়নী লুৰীণজ্যোতি গগৈৰ

উল্লেখ্য যে, শনিবাৰে নগাঁৱত উপস্থিত হৈ মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেতবোৰ তুলুঙা মন্তব্য কৰিছিল মন্ত্ৰী ৰঞ্জিত দাসে ৷ ক'ভিডৰ এই সময়ছোৱাত ইমিউনিটি বৃদ্ধি কৰাৰ বাবে ৰাইজে বেছিকৈ কণী খোৱাৰ বাবেহে কণীৰ দাম বাঢ়িছে বুলি তৰল মন্তব্য কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহো বেছিকৈ খোৱাৰ বাবে দাম বৃদ্ধি পোৱা বুলি মন্তব্য় কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে মিঠাতেলৰ আশ্চৰ্যজনক মূল্যবৃদ্ধি সন্দৰ্ভতো তেনেই পাতলীয়া মন্তব্য কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ মিঠাতেলৰ ভেজালকৰণ বন্ধ কৰাৰ বাবেহে মিঠাতেলৰ মূল্যবৃদ্ধি পাইছে বুলি একপ্ৰকাৰৰ তৰল মন্তব্য কৰিছিল খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৷

লগতে পঢ়কঃবিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ABOUT THE AUTHOR

...view details