অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন

অসমৰ জাতীয় জীৱনলৈ নামি অহা সন্ধিক্ষণত জাতীয় যুৱ শক্তিয়েই একক আৰু অনন্য হ’ব ৷ ডিব্ৰুগড়ত আয়োজিত অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

Etv Bharat
Etv Bharat

By

Published : Aug 26, 2022, 6:55 PM IST

ডিব্ৰুগড়, 26 আগষ্ট : 'কা’ আন্দোলনৰ ফলশ্ৰুতিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে জিলাই জিলাই দলীয় কাম কাজ তৎপৰতাৰে আৰম্ভ কৰাটো পৰিলক্ষিত হৈছে । বিশেষকৈ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনসমূহ শক্তিশালী কৰি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন (Yuba abhibartana held in Dibrugarh)।

অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন অনুষ্ঠান

চহৰখনৰ আমোলাপট্টিস্থিত নাট্য মন্দিৰত আয়োজন কৰা হয় এই যুৱ অভিৱৰ্তনৰ অনুষ্ঠান । অভিৱৰ্তনত অংশগ্ৰহণ কৰে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi participated Yuba abhibartan), জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকীমণি বৰুৱা, প্ৰাক্তন বিধায়ক অনুপ ফুকনকে ধৰি বহু কেইজন শীৰ্ষ নেতাই । আনকি অভিৱৰ্তনত AJP ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচ শতাধিক যুৱক-যুৱতীয়েও অংশগ্ৰহণ কৰে ।

ডিব্ৰুগড়ত আয়োজন অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন অনুষ্ঠান

অভিৱৰ্তনত কেনেকৈ অসম জাতীয় পৰিষদৰ যুৱ শক্তি শক্তিশালী কৰিব পাৰি, সেই বিষয়ত গঠনমূলক আলোচনা কৰাৰ লগতে কিছু কৰ্মপন্থা ৰূপায়ন কৰিছে দলটোৱে । এই অভিৱৰ্তনত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘অসমৰ জাতীয় জীৱনলৈ নামি অহা সন্ধিক্ষণত জাতীয় যুৱ শক্তিয়েই একক আৰু অনন্য হ’ব । অসম জাতীয় পৰিষদৰ যুৱ শক্তি অসমৰ যুৱক-যুৱতীসকলৰ শিক্ষা, নিয়োগকে ধৰি সকলো সমস্যা সমাধানৰ বাবে শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ সক্ষম হ’ব’’ । লগতে এতিয়া সমাজ জীৱনলৈ যি ভাষিক, অৰ্থনৈতিক, ৰাজনৈতিক সংকট আহিছে, তাক নোহোৱা কৰিবলৈ অসম জাতীয় পৰিষদে এটা সময়ত সক্ষম হ’ব বুলিও সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় ।

লগতে পঢ়ক :এবিভিপিয়ে হিমন্তবিশ্ব শৰ্মাক ভোট নিদিবলৈও আহ্বান জনাব পাৰে

ABOUT THE AUTHOR

...view details