অসম

assam

ETV Bharat / state

মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ - উচ্চ ৰক্তচাপজনিত ৰোগ

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ ৷ ইতিমধ্যে সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈছে এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী তথা প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছমচেৰ সিঙৰ লগতে এজেপিৰ বহু নেতা-কৰ্মী আৰু আছু নেতৃত্ব ৷ কাৰ্যসূচী সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ওভতিছে এজেপিৰ সভাপতি গৰাকী ৷

lurinjyoti-gogoi-mother-hospitalized
গুৰুতৰভাৱে অসুস্থ লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈঃনাৰ্চিংহোমত উপস্থিত দলীয় নেতৃত্ব

By

Published : Mar 29, 2021, 1:11 PM IST

ডিব্ৰুগড়,29 মাৰ্চ:গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ ৷ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা ডুলু গগৈ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷ ইতিমধ্যে সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈছে এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী তথা প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছমচেৰ সিঙৰ লগতে এজেপিৰ বহু নেতা-কৰ্মী আৰু আছু নেতৃত্ব ৷

গুৰুতৰভাৱে অসুস্থ লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ

ইপিনে,মাতৃৰ অসুস্থতাৰ খবৰ পাই ততাতৈয়াকৈ নিৰ্বাচনী কাৰ্যসূচী আধাতে সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হৈছে এজেপিৰ সভাপতি গৰাকী ৷ উল্লেখ্য যে, সোমবাৰে পুৱা লাইপুলিস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ডুলু গগৈ ৷ ইয়াৰ পিছতে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল লুৰিণৰ মাতৃক ৷

লগতে পঢ়কঃআই চি ইউত ভৰ্তি লুৰীণ জ্যোতি গগৈৰ মাতৃ

ABOUT THE AUTHOR

...view details