অসম

assam

ETV Bharat / state

খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ - লুৰিণজ্যোতি গগৈ

খোৱাঙৰ একাংশ ক'ভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ শনিবাৰে মৰাণ সমষ্টিৰ খোৱঙত উপস্থিত হৈ অসমৰ অন্য দল সংগঠনকো ক'ভিড আক্ৰান্ত সকলক সহাঁয়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ৷

খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ
খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ

By

Published : May 29, 2021, 7:33 PM IST

মৰাণ, 29 মে' :সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে । ইতিমধ্যে জিলাখনৰ বহু গাঁৱৰ লগতে চাহ বাগিচা অঞ্চল কন্টেইনমেন জ'ন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ।‌ কোৱাৰেন্টাইনত থকা লোক সকলক চৰকাৰে সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেইয়া আজি দিনটোলৈকে পৰ্যাপ্ত হৈ উঠা নাই ।

খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ

শনিবাৰে মৰাণ সমষ্টিৰ খোৱাঙৰ বিভিন্ন অঞ্চলত কোৱাৰেন্টাইনত থকা লোক সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল লুৰিণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ বিষয়ববীয়া । অজাপৰ সভাপতি জনে খোৱাং বৰপথাৰ, দীঘলীয়াহোলা, চেতীয়া গাঁও, শিলপুটা, শেনচোৱা পুখুৰীকে আদি কৰি খোৱাঙৰ বহু অঞ্চলত ক'ভিডত আক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থকা পৰিয়াল সমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰে ।

তদুপৰি অজাপৰ সভাপতি গগৈয়ে জনে ক'ৰ'ণাৰ এই ভয়াৱহ সময়ৰ মাজত প্ৰতিজনে এজনে আন এজনৰ ওচৰত থিয় হৈ সহায়ৰ হাত আগবঢ়াবলৈ সকলো দল সংগঠনক আহ্বান জনায় । লগতে চৰকাৰক সকলোৱে সহজে ক'ভিড প্ৰতিষেধক ল'ব পৰাকৈ সুবিধা কৰিবলৈ আহ্বান জনাই অজাপৰ নেতাজনে ।

লগতে পঢ়ক:‘কা’ প্ৰতিহত কৰিবলৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details