ডিব্ৰুগড়, 8 মাৰ্চ :নাহৰকটীয়া আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে সোমবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ লুৰিণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছ, বিজেপি আৰু এআইইউডিএফক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ এআইইউডিএফ যেনেকৈ সাম্প্ৰদায়িক তেনেকৈ বিজেপিও সাম্প্ৰদায়িক বুলি উল্লেখ কৰি কংগ্ৰেছ আৰু বিজেপিৰ চৰিত্ৰ একেই বুলি মন্তব্য কৰে । তেওঁ লগতে দুটা সমষ্টিৰ পৰা ৰাইজে বিচৰাৰ বাবে দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা ব্যক্ত কৰে ৷ আনহাতে এআইইউডিএফৰে তেওঁৰ মিত্ৰতা হোৱা বুলি ওলোৱা গুজৱক হাস্যকৰ বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে ।
ডিব্ৰুগড়ত লুৰীণৰ মনোনয়ন পত্ৰ দাখিল - মনোনয়ন পত্ৰ
এআইইউডিএফৰে তেওঁৰ মিত্ৰতা হোৱা বুলি ওলোৱা গুজৱক হাস্যকৰ বুলি উল্লেখ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ । তেওঁ কংগ্ৰেছ আৰু বিজেপিক প্ৰতিহত কৰাৰ বাবে কোনো কোনো সমষ্টিত কৌশলগতভাবে মিত্ৰতা কৰাৰ কথা উল্লেখ কৰে ৷
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সমাগত নিৰ্বাচনত তেওঁৰ বিজয় হ’বই বুলি উল্লেখ কৰি এইবাৰ য়ে তেওঁ বিধানসভালৈ যাবই সেইয়া নিশ্চিত বুলি মন্তব্য কৰে । লুৰিণে লগতে অসম জাতীয় পৰিষদে বৰ্তমানলৈ 68 খন আসনত প্ৰাৰ্থী ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কংগ্ৰেছ আৰু বিজেপিক প্ৰতিহত কৰাৰ বাবে কোনো কোনো সমষ্টিত কৌশলগতভাবে মিত্ৰতা কৰাৰ কথা উল্লেখ কৰে ৷ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণে সদৰি কৰা অনুসৰি এইবাৰ নিৰ্বাচন ৰাষ্ট্ৰীয়তাবাদ, সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে জাতীয়তাবাদৰ । আৰু অসমত জাতীয়তাবাদৰ চৰকাৰ নিশ্চিত ।
লগতে পঢ়ক :যি দলৰ লক্ষ্য, স্থিতি স্পষ্ট নহয় সেই দলে উন্নয়ণ সাধিব নোৱাৰে : সোণোৱাল