মৰাণ, ৫ নৱেম্বৰ:ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)৷ উক্ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে । আজিৰ দিনটোত ৰজাবাৰী সমষ্টিত প্ৰচাৰ চলায় অসম জাতীয় পৰিষদৰ নেতাই ।
উক্ত প্ৰচাৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰে মদৰ দোকান খুলিবলৈ অনুমতি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (AJP president react on Wine Shop)। দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ৭ নং ৰজাবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপাঞ্জল দেউৰীৰ হৈ মৰাণৰ সমীপৰ মধুপুৰ কুৰুকাণী দেউৰী গাঁও আৰু শালমাৰী কুৰুকাণীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে চৰকাৰৰ এয়া দুমুখীয়া নীতি । এফালে ড্ৰাগছৰ বিৰুদ্ধে সৰব হৈ দেখুৱাইছে আৰু ইয়াৰ বিপৰীতে চাৰিওফালে মদৰ দোকান খুলি সমগ্ৰ জাতিটোক মদ্যপায়ী জাতি হিচাপে গঢ়ি তুলিবলৈ উঠিপৰি লাগিছে ।