অসম

assam

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 8:35 PM IST

ETV Bharat / state

Green leaf price: কেঁচা চাহপাতৰ দাম হ্ৰাস; বিধানসভাত দায়িত্বহীন মন্তব্য উদ্যোগ মন্ত্ৰীৰ

পানীৰ দৰত বিক্ৰী হৈছে কেঁচা চাহপাত ৷ যাৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইফালে চাহপাতৰ দৰ হ্ৰাস হোৱাক লৈ উদ্যোগ মন্ত্ৰী বিমল বড়াই কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷

Green leaf price
Green leaf price

পানীৰ দৰত বিক্ৰী হৈছে কেঁচা চাহপাত

ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ:সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে ৰাজ্যৰ হাজাৰ-হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । এনে পৰিস্থিতিয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱা সময়তে একেবাৰে নিম্নগামী হৈছে কেঁচা চাহপাতৰ দৰ । কেঁচা পাতৰ গুণগত মানৰ দোহাই দি মধ্যভোগীয়ে প্রতিকেজি চাহপাতৰ মূল্য 12–13 টকালৈ কমাই দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

উৎপাদন ব্যয়তকৈও কম মূল্যত বৰ্তমান খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলগা হোৱাত আর্থিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল । অসমৰ উৎপাদিত মুঠ চাহৰ ত্ৰিশ শতাংশৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰাৰ লগতে জাতীয় আয়লৈ প্রভূত বৰঙণি আগবঢ়োৱাৰ পাছতো চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি অলপো সহমর্মিতা প্রকাশ কৰা নাই ।

ফলত একাংশ বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীৰ আঙুলিৰ ঠাৰত ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কে নাচিব লগা হৈছে । কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে চলিত বিধানসভাত উদ্যোগ মন্ত্ৰী বিমল বড়াই ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মানদণ্ড কম বুলি কোৱাৰ পাছতেই জাঙুৰ খাই উঠিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

ডিব্ৰুগড়ৰ লাহোৱালত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদমেল অনুষ্ঠিত কৰি উদ্যোগ মন্ত্ৰীৰ মন্তব্যত দুখ প্ৰকাশ কৰে । ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মূল্য বৃদ্ধিৰ দাবী জনাই সংবাদমেল অনুষ্ঠিত কৰে সংগঠনটোৱে । কেঁচা চাহপাতৰ দাম বৃদ্ধি কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো আজিকোপতি গুৰুত্ব নিদিয়াক লৈ ক্ষোভ সংগঠনটোৰ । ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা বিষয়ববীয়াই উদ্যোগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

ABOUT THE AUTHOR

...view details