অসম

assam

ETV Bharat / state

মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী - Assam Police crack down on crimes

মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী (Lottery tickets sold without permission ) ৷ প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কাৰ ছত্ৰছায়াত চলিছে এনে অবৈধ কাৰ্য?

Lottery tickets sold without permission of administration in Moran
মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী

By

Published : Sep 24, 2022, 2:02 PM IST

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিচাজাতীয় দ্ৰব্যৰ সমান্তৰালকৈ জুৱা, লটাৰী, হাউচি, দৰে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল (Assam Police crack down on crimes) ৷ এই ক্ষেত্ৰত এতিয়াও আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশই চলাই গৈছে এনে অসামাজিক কাৰ্যকলাপ ৷

শেহতীয়াকৈ, ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশ অনুযায়ী জিলাখনত সকলো ধৰণৰ লটাৰী, হাউচি, জুৱা আদি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে যদিও প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে কিছুদিনৰ পূৰ্বে জন্ম হোৱা জে চি আই মৰাণ অসম ৰয়েলছ নামৰ সংগঠনটোৱে বিক্ৰী কৰিছে লটাৰীৰ টিকট (Lottery tickets sold without permission )।

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ আৰু মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত বিনা অনুমতিত এখন অস্থায়ী বিপনী খুলি মাইক ছেট লগাই জে চি আই মৰাণ অসম ৰয়েলছৰ সভানেত্ৰী নন্দিনী পাছাৰী, স্বাতী গাড়োডিয়া সম্পাদিকা, কোষাধ্যক্ষ ৰশ্নী টোডি খাখলিয়া, উপ-সভানেত্ৰী- কোমল আগৰৱালৰ নাম সন্নিবিষ্ট থকা লটাৰীৰ টিকট বিক্ৰী কৰিছিল । পিছত সাংবাদিকে চক্ৰ বিষয়াক এই বিষয়ে ফোনযোগে প্ৰশ্ন কৰাত অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী কৰাৰ কথা জনাই ৷ পিছত ইয়াৰ প্ৰত্যুত্তৰত ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে বুলি সাংবাদিকক কয় ।

মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী

এতিয়া প্ৰশ্ন হয় যে যদি ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে তেন্তে আৰক্ষী আৰু প্ৰশাসনৰ সন্মুখত কাৰ ছত্ৰ ছায়াত চলি আছে এনে ধৰণৰ কাৰ্য । এই ক্ষেত্ৰত আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ স্থিতি ৰহস্যৰ আৱৰ্তত । উল্লেখ যে কিছুদিনৰ পূৰ্বেও মৰাণত চলিছিল বৃহৎ হাউচিৰ খেল ।

লগতে পঢ়ক:সৰুক্ষেত্ৰীত নাওখেলৰ নামত জুৱা: বহিঃৰাজ্যৰ জুৱাৰীসহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details