মৰাণ,31 ডিচেম্বৰ:জানুৱাৰী মাহৰ ৭,৮ আৰু ৯ তাৰিখে মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন । মৰাণত তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰা টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক লোহিত গগৈয়ে কয়, "অভিৱৰ্তনক লৈ শংকিত হৈছে ৰাজ্যিক বিজেপি। সেয়ে অভিৱৰ্তনৰ আগে আগে চৰকাৰে ক'ভিড প্ৰট'কলৰ প্ৰসংগ পুনৰ আনিছে । ৰাইজৰ দলে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে পক্ষপাতমূলক ভূমিকা গহণ কৰি অধিৱেশনখন বিফল কৰাৰ উদ্দেশ্যে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷"
বিটিচি, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী বা বিজেপিৰ বিষয়ববীয়া আহিলে ক'ভিড প্ৰট'কলৰ কথা নাহে বুলি উল্লেখ কৰি আহ্বায়কজনে কয় যে এই অভিৱৰ্তন ৰাইজৰ সহযোগত সফল কৰি তোলা হ'ব । আনহাতে,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০০খন আসনৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত অপসংস্কৃতিৰ সৃষ্টি কৰিছে,এয়া ৰাজ্যখনৰ বাবে বিপদজনক ৷