অসম

assam

মাহমৰাত যোগেন মহনৰ বিপৰীতে ৰাইজৰ দলৰ লোহিত গগৈ

By

Published : Mar 7, 2021, 10:17 PM IST

অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেক ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৷ মাহমৰা সমষ্টিত বিজেপিৰ যোগেন মহনে প্ৰাৰ্থীত্ব লাভ কৰাৰ পৰিৱৰ্তে যোগেন মহনৰ বিপৰীতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে দুগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ যোগেন মহনৰ বিপৰীতে সমষ্টিটোত থিয় হ'ব ৰাইজৰ দলৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা লোহিত গগৈ আৰু অসম জাতীয় পৰিষদৰ মানিক গগৈ ৷

lohit gogoi of raijor dol to stand against jogen mahan in mahmora constituency
lohit gogoi of raijor dol to stand against jogen mahan in mahmora constituency

মৰাণ, 7 মাৰ্চ:বিজেপিয়ে প্ৰথম পৰ্যায়ত হ'ব লগা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছতে অসম জাতীয় পৰিষদে দ্বিতীয়খন আৰু ৰাইজৰ দলে প্ৰথম খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৷ বিজেপিৰ হৈ মাহমৰা সমষ্টিত যোগেন মহনে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

ইতিমধ্যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰকাশ কৰা তালিকাৰ পৰা এই কথা গম পোৱা গৈছে যে, সমষ্টিটোত বিজেপিৰ যোগেন মহনৰ বিপৰীতে টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতিৰ লগতে ৰাইজৰ দলৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা লোহিত গগৈ আৰু অসম জাতীয় পৰিষদৰ মানিক গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতিৰ লগতে ৰাইজৰ দলৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা লোহিত গগৈক লৈ মাহমৰাত জাতীয়তাবাদী শিবিৰৰ মাজত এতিয়া যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে । নৱ গঠিত আঞ্চলিক দলক প্ৰতিনিধিত্ব কৰি লোহিত গগৈয়ে মন্ত্ৰী যোগেন মহনক যে ভোট যুদ্ধত এক উল্লেখনীয় প্ৰত্যাহ্বান জনাব বুলি বহুতেই মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:লাহোৱাল সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details