অসম

assam

ETV Bharat / state

লক ডাউন ভংগ কৰি চাকৰি প্ৰাৰ্থীৰ দীঘলীয়া শাৰী - চতুৰ্থ বৰ্গ পদৰ সাক্ষাৎকাৰ দিবলৈ সমবেত হ'ল শ শ প্ৰাৰ্থী

চাকৰিৰ আশাত লক ডাউনৰ মাজত ঢপলিয়াই আহিল প্ৰাৰ্থী ৷

lockdown breaks by candidates
লক ডাউন ভংগ কৰি চাকৰি প্ৰাৰ্থীৰ দীঘলীয়া শাৰী

By

Published : Apr 20, 2020, 7:57 PM IST

ডিব্ৰুগড়,20এপ্ৰিলঃ লক ডাউন উলংঘা কৰি আজি পুৱাই ডিব্ৰুগড়ৰ নালিয়াপুল ৰেলৱে হাস্পতালত চতুৰ্থ বৰ্গ পদৰ সাক্ষাৎকাৰ দিবলৈ সমবেত হ'ল শ শ প্ৰাৰ্থী ৷ ৰে'লৱে হাস্পতালখনত খালী হৈ থকা ১২টা চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল সাক্ষাৎকাৰ কিন্তু লক ডাউনৰ মাজত এইদৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ বাবে ৰে'লৱে বিভাগে জিলা প্ৰশাসনৰ পৰা লোৱা নাছিল কোনো ধৰণৰ অনুমতি ৷ যাৰ বাবে চাকৰিৰ আশাত সাক্ষাৎকাৰলৈ ধাৰাষাৰ বৰষুণো নেওচি ঢাপলি মেলিলে প্ৰাৰ্থীসকলে আৰু কোনো ধৰণৰ সামাজিক দুৰত্ব আৰু অনুশাসন নোহোৱাকৈ লক ডাউন ভাঙি শ শ প্ৰাৰ্থীয়ে শাৰী পতা দেখা গ'ল হাস্পতালৰ চৌহদত ৷ ইপিনে,ৰে'লৱে কৰ্তৃপক্ষই কোনোধৰণৰ অনুমতি নোলোৱাৰ বাবে প্ৰশাসনৰ নিৰ্দেশত বন্ধ কৰি দিয়া হয় আজিৰ চতুৰ্থ বৰ্গ পদৰ সাক্ষাৎকাৰ ৷

লক ডাউন ভংগ কৰি চাকৰি প্ৰাৰ্থীৰ দীঘলীয়া শাৰী

ABOUT THE AUTHOR

...view details