ডিব্ৰুগড়,১২ নৱেম্বৰ :ডিব্ৰুগড় জিলাখনত বছৰ বছৰ ধৰি বিভিন্ন জনগোষ্ঠীয় লোকসকলে বাস কৰি আহিছে । কিন্তু শেহতীয়াকৈ জিলাখনৰ বিভিন্ন স্থানত খিলঞ্জীয়া লোকৰ ভূমি একাংশ বহিৰাগত লোকে ক্ৰয় কৰা দেখা গৈছে । ক'ভিড পৰিস্থিতি লগতে লকডাউনৰ পাছতে খিলঞ্জীয়া লোকৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰাৰ চেষ্টা চলাইছে একাংশ বহিৰাগত ধনী শ্ৰেণীৰ লোকে (Outsider buy land from indigenous people)।
এই অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিকে ধৰি কেইবাটাও জনগোষ্ঠীয় দল-সংগঠনে । যাৰ বাবে জিলাখনত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত বুলি আশংকা কৰিছে সংগঠনসমূহে । সেয়েহে বহিৰাগত লোকক ভূমি বিক্ৰী কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী তুলিছে সংগঠনসমূহে (Local organisations fired against outsider)।
এই সন্দৰ্ভত সংবাদমেল যোগে স্থানীয় সংগঠনসমূহে জিলাখনৰ খিলঞ্জীয়া লোকসকলক বিশেষ আহ্বান জনোৱা দেখা গৈছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আদিবাসী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই যৌথভাৱে সংবাদমেল অনুষ্ঠিত কৰি বহিৰাগত লোকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ।