অসম

assam

ETV Bharat / state

Local Fishes of Assam: উজনিত কোনে ৰচিছে থলুৱা মাছৰ বজাৰ নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰ ?

থলুৱা মাছৰ বিক্ৰী বন্ধ কৰাৰ বাবে উঠি-পৰি লাগিছে এটা অসাধু চক্ৰ ৷ এই চক্ৰটোৱে বিশেষকৈ ডিব্ৰুগড় জিলাত চেঁচা নদীৰ পৰা পোৱা মাছ বিষাক্ত বুলি প্ৰচাৰ কৰি মাছ বিক্ৰীত বাধা প্ৰদান কৰিছে ৷ ফলত হাহাকাৰ হৈছে থলুৱা ব্যৱসায়ীসকলৰ মাজত ৷ ৰাজ্যত পুনৰ চালানি মাছৰ বজাৰখন সক্ৰিয়া কৰাৰ বাবেই এই অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷

Local Fishes of Assam
Local Fishes of Assam

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:05 PM IST

থলুৱা মাছৰ বিক্ৰী বন্ধ কৰাৰ বাবে উঠি-পৰি লাগিছে অসাধু চক্ৰ

ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ:বহিঃৰাজ্যৰ পৰা আমদানিকৃত মাছত ফ’ৰমেলিনৰ লগতে স্বাস্থ্যৰ বাবে ক্ষতিকাৰত বিভিন্ন দ্ৰব্যৰ উপস্থিতি ধৰা পৰাৰ পাছতেই ৰাজ্য চৰকাৰে তেনে মাছ অসমলৈ অনাত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ চৰকাৰৰ তৎপৰতাত কিছুদিনৰ বাবে অসমলৈ বন্ধ হৈছিল বহিঃৰাজ্যৰ মাছৰ সৰবৰাহ ৷

চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই থলুৱা মাছ ব্যৱসায়ীসকলে কিছু আশাৰ ৰেঙণি দেখা পাইছিল ৷ কিন্তু আকৌ ৰাজ্যত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই সংগোপনে আৰম্ভ হৈছে চালানি মাছৰ সৰবৰাহ আৰু বিক্ৰী ৷ একাংশ দুষ্ট চক্ৰই ৰাজ্যৰ বিভিন্ন জিলাত চালানি মাছ বিক্ৰী কৰি সাধাৰণ ৰাইজৰ বিপদৰ মাজলৈ ঠেলি দিয়াৰ লগতে থলুৱা মাছ ব্যৱসায়ীসকলৰ মৃত্যু ঘণ্টা বজাইছে ৷

এই অসাধু চক্ৰটোৰ বাবে এতিয়া থলুৱা মাছৰ বজাৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ ডিব্ৰুগড় এই চক্ৰটোৱে এতিয়া উজনি অসমৰ চেঁচা নদীৰ অতি সোৱাদযুক্ত মাছ বিষাক্ত বুলি অপপ্ৰচাৰ চলাই থলুৱা মাছৰ বজাৰখন শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ যাৰ বাবে চেঁচা নদীৰ মাছ বিক্ৰী পৰিয়াল চলাই থকাসকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ।

এই দুষ্ট চক্ৰটোৱে উজনীৰ বহু কেইখন জিলাৰ 80 শতাংশ থলুৱা মাছৰ বজাৰ দখল কৰা ডিব্ৰুগড়ৰ চেঁচা নদীৰ মাছ বিক্ৰীত বাধা প্ৰদান কৰিছে ৷ ফলত লখিমপুৰ, জোনাই চিলাপথাৰ, ধেমাজী, তিনিচুকীয়াৰ লগতে ডিব্ৰুগড়ৰ বহু কেইখন বজাৰত থলুৱা মাছৰ বিক্ৰী অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ৷

মুখ্যতঃ উজনি অসমত বজাৰ দখল কৰিবলৈ সক্ষম হোৱা চেঁচা নদীৰ মাছ বিষাক্ত বুলি অপপ্ৰচাৰ চলাই কিছু লোকে পুনৰ উজনিৰ বজাৰত কানপুৰীয়া, নাগপুৰীয়া মাছৰ ব্যৱসায় আৰম্ভ কৰা বাবে এই কু-অভিসন্ধি আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ যে ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লেজাই, কলাখোৱা অঞ্চলৰ 19 খনকৈ গাঁৱৰ ৰাইজৰ জীৱিকাৰ প্ৰধান পথ চেঁচা, দিহিং, ব্ৰহ্মপুত্ৰ নদীৰ মাছ ধৰি বিক্ৰী কৰা । বিগত বহু বৰ্ষৰ পূৰ্বৰ পৰাই অঞ্চলকেইটাৰ নদী কাষৰীয়া সৰ্বসাধৰণৰ ৰাইজে নদীখনকে নিজৰ জীৱন জীৱিকা হিচাবে লৈ মাছ বিক্ৰী কৰি আহিছে । কিয়নো অঞ্চলটোত প্ৰতিবছৰে বান আহি খেতি নষ্ট কৰে, সেয়ে বহু লোকে কৃষি কৰাৰ পৰা আঁতৰি থাকে ।

প্ৰতিদিনে মাজ ৰাতিৰ পৰা কাহিলি পুৱালৈ চেঁচা নদীত মাছ ধৰি স্থানীয় ডাকত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এই মানুহখিনিৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে । কাৰণ চেঁচা নদীৰ মাছ বিষাক্ত বুলি অপপ্ৰচাৰ চলাই বিভিন্ন স্থানত বাধা দিয়া হৈছে চেঁচা নদীৰ মাছ বিক্ৰীত । সেয়ে জিলা প্ৰশাসন আৰু চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড়ৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ।

লগতে পঢ়ক:Tragic history of a school: ৮ ছেপ্টেম্বৰ দিনটো আহিলেই চকুলো ওলাই ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details