অসম

assam

ETV Bharat / state

সম্প্ৰীতিৰ এনাজৰীৰে ডিব্ৰুগড়ত চাচনি লিহিৰি উৎসৱৰ আয়োজন - বিশ্ব দৰবাৰ

ডিব্ৰুগড় উদযাপন চাচনি লিহিৰি উৎসৱ ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ ভাৱধাৰাৰে উদযাপন কৰা হয় এই উৎসৱ ৷

lihiri-festival-at-dibrugrah-sasoni
সম্প্ৰীতিৰ এনাজৰীৰে ডিব্ৰুগড়ত চাচনি লিহিৰি উৎসৱ আয়োজন

By

Published : Dec 29, 2020, 9:48 PM IST

ডিব্ৰুগড়, 29 ডিচেম্বৰ : সম্প্ৰীতিৰ এনাজৰীৰে ডিব্ৰুগড় জিলাৰ চাচনিত উদযাপন কৰা হয় চাচনি লিহিৰি উৎসৱ ৷ অসমৰ অন্যতম সৰ্ববৃহৎ মৌজাৰূপে চিহ্নিত চাচনিৰ দাহাল কুলাগড়া অঞ্চলৰ বুঢ়ীদিহিং নৈৰ পাৰৰ মন পৰশা পৰিৱেশৰ মাজত চাচনি লিহিৰি উৎসৱ পালন কৰা হয় ৷

আয়োজকৰ মন্তব্য

বিভিন্ন জাতি-জনজাতিৰ লোকৰ বাসভূমি চাচনিৰ বানেগৰকা অঞ্চল দাহাল কুলাগড়াত সম্প্ৰীতিৰ এনাজৰীৰে চাচনি শিল্পী সমাজৰ উদ্যোগত আৰু দাহাল কুলাগড়াবাসীৰ সহযোগত অনুষ্ঠিত লিহিৰি উৎসৱৰ মূল উদ্দেশ্য হৈছে অসমৰ আন আন পৰ্যটনস্থলীৰ দৰে লিহিৰি বনক বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ ।

সম্প্ৰীতিৰ এনাজৰীৰে ডিব্ৰুগড়ত চাচনি লিহিৰি উৎসৱ আয়োজন

উল্লেখ যে, বিগত কেইবছৰমানৰ পৰা স্থানীয় ৰাইজে একত্রিত হৈ অনুষ্ঠিত কৰি আহিছে চাচনি লিহিৰি উৎসৱ । ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকে চাচনি লিহিৰি উৎসৱত ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details