মৰাণ, ১১ নৱেম্বৰ:অধ্যয়নৰ স্পৃহা পুনৰ ৰাইজৰ মাজলৈ উভটাই অনাৰ মানসেৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমণি বৰাই নিজা চিন্তাৰে গ্ৰহণ কৰিছs এক বিশেষ পদক্ষেপ । বিষয়াগৰাকীয়ে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত নতুনকৈ স্থাপন কৰিছ 'প্ৰজ্ঞান' নামৰ এটা পুথিভঁৰাল । য'ত পাঠকে পঢ়িবলৈ পাব ভিন্ন বিষয়ৰ পুথি ।
মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত পুথিভঁৰাল মুকলি - মৰাণ ৰাজহ চক্ৰ কাৰ্যালয় বাতৰি
মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমণি বৰাই মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত নতুনকৈ স্থাপন কৰিছ 'প্ৰজ্ঞান' নামৰ এটা পুথিভঁৰাল ।
![মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত পুথিভঁৰাল মুকলি Library opening at Moran Circle office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-07:31:41:1605103301-a-moran-8039to8042-libraryopeningincircleofficeofmoran-as10031-11112020191533-1111f-1605102333-1099.jpg)
মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত মুকলি পুথিভঁৰাল
বিশেষ কাম লৈ চক্ৰ বিষয়া কাৰ্যালয়লৈ অহা ব্যক্তি সকলৰ সময়ৰ সদব্যৱহাৰ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এই পুথিভঁৰালটো মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ ৷
Last Updated : Nov 12, 2020, 6:23 AM IST