অসম

assam

By

Published : Jan 13, 2022, 9:28 PM IST

ETV Bharat / state

Tiger Dead body rescue at Naharkatia: নাহৰকটীয়া চাহ বাগিচাত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ বিভিন্ন ঠাইত বাঘৰ মুক্ত বিচৰণে ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে নাহৰকটীয়া চাহ বাগিচাত উদ্ধাৰ হয় এটা নাহৰফুটুকী বাঘৰ মৃতদেহ (Leopard Dead body rescue at Naharkatia) ৷ বিগত বহুমাহ ধৰি উক্ত অঞ্চলত কেইবাটাও নাহৰফুটুকী বাঘৰ বিচৰণ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আহিছিল ৷

Tiger Dead body rescue at Naharkatia
Tiger Dead body rescue at Naharkatia

মৰাণ, 13 জানুৱাৰী : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জনাঞ্চলত বাঘৰ মুক্ত বিচৰণৰ ঘটনা ৷ শেহতীয়াকৈ বনাঞ্চলৰ পৰা ওলাই অহা বাঘে বহু জিলাত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে জীৱ-জন্তু, মানুহৰো অনিষ্ট সাধন কৰিছে ৷ এনে সময়তে শুকুৰবাৰে নাহৰকটীয়া চাহ বাগিচাত উদ্ধাৰ হ'ল এটা নাহৰফুটুকী বাঘৰ মৃতদেহ (Leopard tiger Dead body rescue at Naharkatia) ৷

বাগিচাখনৰ শ্ৰমিকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । এই পৰ্যন্ত নাহৰফুটুকীটোৰ কেনেকৈ মৃত্যু হ'ল জানিব পৰা হোৱা নাই । উল্লেখ্য যে, বিগত বহুমাহ ধৰি উক্ত অঞ্চলত কেইবাটাও নাহৰফুটুকীৰ বিচৰণ ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছত আজি এইদৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আনহাতে, শোণিতপুৰ জিলাৰ বৰচলাবাসীয়েও বাঘৰ আতংকৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতিয়া বাঘে প্ৰায় 20 দিনে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সমগ্ৰ অঞ্চলটোত (Royal bengal tiger roaming freely around human habitations) ৷ বুধবাৰে ঢেকীয়াপতিয়াটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় প্ৰেমা কোঁচ নামৰ এজন লোক ৷

লগতে পঢ়ক:Royal Bengal tiger menace: শোণিতপুৰত ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details