ডিব্ৰুগড়,17 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পত বিগত কেইবা সপ্তাহ ধৰি বনৰজাৰ আতংকই বিৰাজ কৰিছিল । প্ৰকল্পৰ ভিতৰতেই প্ৰাপ্তবয়স্ক বন ৰজাৰ বিচৰণ প্ৰত্যক্ষ কৰিছিল একাংশ শ্ৰমিকে । সেয়ে বন বিভাগে প্ৰকল্পৰ ভিতৰৰ কেইবাঠাইত পিঞ্জৰা পাতি থৈ দিছিল । যাৰ পাছতেই বুধবাৰে পুৱা বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৭‐৮ বছৰ বয়সৰ এটা নাহৰফুটুকী ৷
ডিব্ৰুগড়ত গেছ ক্ৰেকাৰত বন্দী বনৰজা
বুধবাৰে পুৱা ডিব্ৰুগড়ৰ লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্পত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৭‐৮ বছৰ বয়সৰ এটা নাহৰফুটুকী ৷ প্ৰকল্পত কৰ্মৰত শ্ৰমিকসকলে বিগত কেইবা সপ্তাহ ধৰি নাহৰফুটুকীটোৰ বিচৰণ প্ৰত্যক্ষ কৰি আছিল ৷
ডিব্ৰুগড়ত গেছ ক্ৰেকাৰত বনৰজা