অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বৃদ্ধি পাইছে নাহৰফুটুকীৰ আতংক - নাহৰফুটুকী পিঞ্জৰাবদ্ধ

লাহোৱালৰ সমীপত নাহৰফুটুকীৰ মুক্ত বিচৰণ ৷ দিনতে বাহিৰলৈ ওলাবলৈ ভয় কৰিছে স্থানীয় ৰাইজে ৷ পুনৰায় অঞ্চলটোত পিঞ্জৰাবদ্ধ কৰা হৈছে এটা নাহৰফুটুকী ৷

a-leopard-is-kept-under-a-cage-
পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

By

Published : Nov 9, 2021, 11:27 AM IST

মৰাণ, 9 নৱেম্বৰ :আজি কিছুদিনৰ পৰা ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলত বৃদ্ধি পাইছে নাহৰফুটুকীৰ আতংক ৷ বিগত সময়ত কেইবাটাও নাহৰফুটুকী পিঞ্জৰাৱদ্ধ কৰিছিল বন বিভাগে ৷ সম্প্ৰতি বৰ্ধিত নাহৰফুটুকীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ মাজত ৷

শেহতীয়াকৈ লাহোৱালৰ দংগৰপথাৰ গাঁৱত কেইবাটাও নাহৰফুটুকীয়ে সৃষ্টি কৰি আহিছিল আতংকৰ ৷ স্থানীয় ৰাইজৰ বহুসংখ্যক পশুধন নিধনো কৰিছিল নাহৰফুটুকীয়ে ৷ সোমবাৰে ডিব্ৰুগড়ৰ বন বিভাগৰ লোকে স্থানীয় ৰাইজৰ তৎপৰতাত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় এটা নাহৰফুটুকী ৷

এই খবৰ বিয়পি পৰাত ওচৰ-চুবুৰীয়া বহু অঞ্চলৰ লোকে নাহৰফুটুকীটো চাবলৈ ভীৰ কৰেহি দংগৰপথাৰ গাঁৱত ৷ এতিয়াও বৃহত্তৰ অঞ্চলটোত কেইবাটাও নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি থকা বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক :আজিৰ দিনটোৰ ৰাশিফল

ABOUT THE AUTHOR

...view details