মৰাণ, 5 ডিচেম্বৰ : ডিব্ৰুগড়ত বিগত তিনি-চাৰি মাহৰ পৰাই নাহৰফুটুকীৰ আতংকই ভীতিগ্ৰস্ত কৰি ৰাখিছে ৰাইজক ৷ দেওবাৰে পুৱতি নিশা ডিব্ৰুগড় আঞ্চলিক বন বিভাগৰ বনকৰ্মীৰ এটা দলে পুনৰায় এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে (Leopard Caged in Dibrugarh) ৷
Leopard Caged in Dibrugarh : ডিব্ৰুগড়ত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী - ডিব্ৰুগড়ৰ বন-বিভাগে কৰায়ত্ব কৰে এজনী নাহৰফুটুকী
দেওবাৰৰ পুৱতি নিশা ডিব্ৰুগড়ৰ বন বিভাগে কৰায়ত্ব কৰে এটা নাহৰফুটুকী (Leopard Caged in Dibrugarh) ৷ বিগত কেইমাহমানৰ পৰা নাহৰফুটুকীৰ অবাধ বিচৰণে শংকিত কৰি তুলিছে অঞ্চলটোৰ বাসিন্দাসকলক ৷
![Leopard Caged in Dibrugarh : ডিব্ৰুগড়ত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী Leopard caged in dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13821040-thumbnail-3x2-t.jpg)
ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
ডিব্ৰুগড়ৰ জামিৰা গজাই গাঁৱত পিঞ্জৰাবদ্ধ কৰা প্ৰকাণ্ড নাহৰফুটুকীটোৱে কিছুদিনৰ পৰা অঞ্চলটোৰ গৰু, ছাগলীকে ধৰি অন্যান্য পশুসমূহ নিধন কৰি আহিছিল ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰাত গাঁওবাসীয়ে বন বিভাগৰ কৰ্মচাৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷
লগতে চাওক :Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক