মৰাণ, ৩০ ছেপ্টেম্বৰ: অৱশেষত পিঞ্জৰাৱদ্ধ হ'ল ডিব্ৰুগড়ৰ ডিকম চাহ বাগিচা আৰু কাষৰীয়া অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা প্ৰকাণ্ড নাহৰফুটুকীটো । বুধবাৰে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো । ডিব্ৰুগড়ৰ বিভিন্ন চাহ বাগিচা অঞ্চলসমূহত নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে গৰু-ছাগলী, হাঁহ আদি ভক্ষণ কৰি আহিছিল ।
আনকি বাঘৰ আতংকত চাহ খেতিয়কে চাহ বাগিচাত পাত চিঙিবলৈ যাবলৈও শংকিত হৈ পৰিছিল । ইতিমধ্যে ডিব্ৰুগড় বন বিভাগে বাগিচা অঞ্চলৰ পৰা কেইবাটাও প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ কৰিছে । বুধবাৰে ডিকমত পুনৰ আন এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ কৰে বন বিভাগে ।