অসম

assam

টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত 5 গৰাকী

By

Published : Jan 2, 2021, 8:57 PM IST

ডিব্ৰুগড়ত নাহৰফুটুকীৰ আক্ৰমণত আহত 5 গৰাকী ব্যক্তি ৷ আহত আটাইকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি ৷ নাহৰফুটুকীক বিচাৰি গঞাৰ তীব্ৰ অভিযান ৷

leopard-attack-in-dibrugrah-tinkhong-5-injured
টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত 5 গৰাকী

টিংখাং, 2 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত 5 গৰাকী ব্যক্তি ৷ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা থুলাই গাঁৱত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে সংঘটিত হৈছে এই ঘটনা ৷ যাৰ বাবে বৰ্তমান আক্ৰমণকাৰী নাহৰফুটুকীটোক বিচাৰি গঞাই অব্যাহত ৰাখিছে অভিযান ৷

গঞাৰ মন্তব্য

ঘটনাৰ বিৱৰণ অনুসৰি, পহিলা জানুৱাৰীৰ দিনাই নাহৰফুটুকীটোৱে গাঁওখনৰ 5 গৰাকী ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ৷ আহত লোক কেইজন হল চেনেশ্বৰ দানহ, সুৰেশ সিংহ, বিৰেন সিংহ, ভৱ দুলীয়া বৰুৱা আৰু গোবিন দুলীয়া বৰুৱা ৷ সম্প্ৰতি আটাইে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷

আনহাতে, 2 জানুৱাৰীৰ দিনা পুনৰ গাঁওখনত গাঁওবাসীয়ে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰাৰ পিচত নাহৰফুটুকীটোক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৰাইজে ৷ ৰাইজে হাতে হাতে চোকা অস্ত্ৰ, দা-লাঠিৰে নাহৰফুটুকীটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ দেওবাৰে নাহৰফুটুকীটোক ধৰিবলৈ পিঞ্জৰা পাতিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত হ’ল ৰাইজৰ দলত যোগদান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details