অসম

assam

ETV Bharat / state

লেজাই কলাখোৱাৰ বানে ধোৱা পথাৰত নজ্বলে কঙালীৰ বন্তি - brahmaputra

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই কলাখোৱা অঞ্চলৰ কৃষক ৰাইজে এইবাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পথাৰত জ্বলাব নোৱাৰিব চাকি । বিগত বৰ্ষত হোৱা দুটাকৈ বানৰ পাচতে যেন উক্ত অঞ্চলৰ ৰাইজৰ বাবে নামি আহিল ভয়ানক সমস্যা । হাজাৰ হাজাৰ বিঘা কৃষিৰ পথাৰত এতিয়া নাই ধান । ফলত উদং পথাৰত নজ্বলে কাতি বিহুৰ হেঁপাহৰ চাকি ।

kati bihu
kati bihu

By

Published : Oct 16, 2020, 1:41 PM IST

মৰাণ, 16 অক্টোবৰ : কাইলৈ কাতি বিহু । ৰাজ্যজুৰি কৃষক ৰাইজে পালন কৰিব কাতি বিহু । পৰম্পৰা অনুসৰি পথাৰত জ্বলিব চাকি । কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে পৰম্পৰাগত ভাৱে বিহু পালন কৰাৰ সময়ত ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই কলাখোৱা অঞ্চলৰ কৃষক ৰাইজে এইবাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পথাৰত জ্বলাব নোৱাৰিব চাকি । লেজাই কলাখোৱাৰ বহু কেইখন গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি আজিও পানীৰ তলতে আছে ।

বিগত বৰ্ষত হোৱা দুটাকৈ বানৰ পাচতে যেন উক্ত অঞ্চলৰ ৰাইজৰ বাবে নামি আহিল ভয়ানক সমস্যা । পথাৰৰ পৰা পানী নকমিল তাতে মাহৰ পিছত মাহ ধাৰাবাহিক ভাৱে বৰষুণ দিয়াত ধান খেতি কৰিব নোৱাৰিলে কৃষক সকলে । বৰবৰুৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লেজাই, কলাখোৱাৰ বিস্তীৰ্ণ অঞ্চল বানে প্লাৱিত কৰি পেলোৱাৰ পাচত পানী শুকোৱাৰ লগে লগে বৃহৎ অঞ্চল দুটাৰ একাংশ কৃষকে বিভিন্ন উৎসৰ পৰা কঠীয়া সংগ্ৰহ কৰি পথাৰত ৰোপণ কৰিছিল যদিও দ-কলাখোৱাকে ধৰি কেইবাখনো গাঁৱৰ কৃষকৰ শ শ বিঘা কৃষিভূমি ভূমি চন পৰি ৰ'ল ।

বানে ধোৱা পথাৰত নজ্বলে কঙালীৰ বন্তি

ইফালে কিছুদিন অঞ্চল দুটাৰ ৰাইজ পানীৰ পৰা মুক্ত হৈছিল যদিও বিগত মাহ কেইটাত কেইবাদিন ধৰি দি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু চেঁচা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নতুনকৈ চৰকাৰে ২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ভগ্ন মথাউৰিয়েদি পুনৰ পানী সোমাই বুৰাই পেলাইছে কৃষি পথাৰ । ফলত হাজাৰ হাজাৰ বিঘা কৃষিৰ পথাৰত এতিয়া নাই ধান । ফলত উদং পথাৰত নজ্বলে কাতি বিহুৰ হেঁপাহৰ চাকি ।

লগতে পঢ়ক :অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ABOUT THE AUTHOR

...view details