মৰাণ, ২২ এপ্ৰিল:"বৰ্তমান সাংবাদিকতা আগবঢ়াই নিয়াত প্ৰত্যাহ্বান আহি পৰিছে । পাবত গজা একাংশ সাংবাদিকে সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ ধাৰণা সলনি কৰি দিছে ৷ এনেধৰণৰ কিছুমান মানুহে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে ৷ এনে মানুহক বিচাৰি উলিয়াই আঁতৰ নকৰিলে সামাজিক অৱক্ষয় ৰোধ কৰা সম্ভৱ নহয় ।"এই মন্তব্য় জ্য়েষ্ঠ সাংবাদিক মনজিত বৰাৰ ।
শনিবাৰে মৰাণহাট প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক,কবি,লেখক তথা শিক্ষক যদু চুতীয়াৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত বক্তৃতানুষ্ঠান উদ্বোধন কৰি এনেদৰে মন্তব্য় কৰে জ্যেষ্ঠ সাংবাদিক বৰাই (Lecture on journalist Jadu Chutia)।
"সামাজিক অৱক্ষয় ৰোধ কৰাত সংবাদ মাধ্যমৰ দায়বদ্ধতা" শীৰ্ষক বক্তৃতানুষ্ঠান উদ্বোধন কৰি তেওঁ পুনৰ কয়, "বৰ্তমান সাংবাদিকতা আগবঢ়াই নিয়াত প্ৰত্যাহ্বান আহি পৰিছে ৷ ইয়াৰ মাজতে একাংশ সাংবাদিকে সততা আৰু নিষ্ঠাৰে সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি আহিছে ৷ ঔপনিবেশিক ইংৰাজসকলে স্বাধীনতা আন্দোলনৰ সময়তো সংবাদ পত্ৰৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছিল ৷ তাৰ মাজতে কেইবাখনো সংবাদপত্ৰই শক্তিশালীভাৱে ইংৰাজৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তুলিছিল ৷"
বৰ্তমানেও সংবাদপত্ৰৰ শক্তিশালী ভূমিকা আছে বুলি উল্লেখ কৰি বৰাই কয় যে, আজিৰ তাৰিখত সামাজিক অৱক্ষয় ৰোধ কৰাত সংবাদ মাধ্যমে কৰবাত নহয় কৰবাত উজুটি খাইছে । কাৰণ বৰ্তমান সংবাদ মাধ্যম এক জটিল সন্ধিক্ষণত উপনীত হৈছে ৷ প্ৰতিযোগিতাৰ ধামখুমীয়াত কেতিয়াবা কেতিয়াবা দায়িত্বৰ পৰা বিচলিত হৈছ ৷ কিন্তু জনসাধাৰণক সচেতন কৰাৰ ক্ষেত্ৰত, সত্য উদঘাটনৰ স্বাৰ্থত সাংবাদ মাধ্যমৰ গুৰুত্ব সদায় আছে আৰু থাকিব (Lecture at Maran College) ৷