ডিব্ৰুগড়, ৭ এপ্ৰিল :মটক জনগোষ্ঠী অসমৰ এটা অতি পুৰণি জনগোষ্ঠী (Matak Autonomous Council)। অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা বৃহত্তৰ অসমীয়া জাতি গঠনত অতুলনীয় অৱদান আগবঢ়োৱা মটক জনগোষ্ঠীয়ে আজিও নিজৰ সাংস্কৃতিক স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে । এই মটক জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰিক উন্নয়নৰ বাবে গঠন কৰা হৈছিল মটক স্বায়ত্তশাসিত পৰিষদ । কিন্তু আজি গেৰুৱা হ’ল এই মটক স্বায়ত্তশাসিত পৰিষদখন (Leaders of Matak Autonomous Council joined in BJP) ।
পৰিষদৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্যসহ ৭ জনকৈ সদস্যই আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বসন । আজি অৰ্থাৎ শুকুৰবাৰে জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান সমাৰোহ (BJP joining program in Dibrugarh) ৷ এই বিজেপি দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, কাৰ্যবাহী সদস্য অমূল্য সেনাপতি, যতীন দিহিঙীয়া, সাধাৰণ সদস্য দীপজয় শইকীয়া, ধৰ্মানন্দ কোঁৱৰ আৰু প্ৰাণদ্বীপ মহনে (Matak Autonomous Council's Leaders) ।
লগতে পঢ়ক :Akanksha Dubey Suicide Case: গাজিয়াবাদ চিজেএম আদালতত প্ৰেৰণ সমৰ সিঙক, ফাদিল হ’ব বহু ৰহস্য