টিংখাং, 1 নৱেম্বৰ :দেওবাৰে টিংখাঙত লোক নিৰ্মাণ বিভাগৰ 2020-21 বৰ্ষৰ স্ব-অধিকাৰ উন্নয়ন পুঁজি (SOPD) ৰ অধীনত 119 খন হাইস্কুল নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । টিংখাঙত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক বিমল বড়াই । টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াবাম চাহ বাগিচাত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি অসমৰ চাহ বাগিচা সমূহৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে । লগতে, টিংখাং সমষ্টিৰ অন্তৰ্গত দুলীয়াবাম, দিৰৈ আৰু নীলমণি চাহ বাগিচাত মুঠ তিনিখন মডেল হাইস্কুল নিৰ্মাণ হ'ব বুলি জানিব পৰা গৈছ ।
টিংখাঙৰ চাহ বাগিচাত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন - নীলমণি চাহ বাগিচা
টিংখাঙৰ চাহ বাগিচাত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন ৷ বিধায়ক বিমল বড়াই আনুষ্ঠানিকভাৱে মুকলি কৰে আধাৰশিলাৰ ৷

টিংখাঙৰ চাহ বাগিচাত স্ব-অধিকাৰ উন্নয়ন পুঁজিৰ অধীনত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন
বিধায়ক বিমল বড়াৰ মন্তব্য
উল্লেখ্য যে, চাহ বাগিচা অঞ্চলৰ ছাত্র-ছাত্ৰী সকল স্বাধীনতাৰ 70 বছৰ পিচতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পিচপৰি থকাৰ পাছত বিজেপি চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে চাহ বাগিচা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰিছে চাহ বাগিচাৰ লোক সকলে ৷
লগতে পঢ়ক :শিৱিৰ বিভক্ত কংগ্ৰেছক এক কৰিবলৈ আজি অসমলৈ জিতেন্দ্ৰ সিং