ডিব্ৰুগড়,14 ডিচেম্বৰ :টাই আহোম যুৱ পৰিষদৰ উদ্যোগত সোমবাৰে ডিব্ৰুগড় চ্যুকাফা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় টাই আহোম জনগোষ্ঠীৰ নতুন বছৰ " পয় পি মাউ টাই" ৰ আদৰণি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ আগবঢ়োৱা হয় মোমাই তামুলী বৰবৰুৱা বঁটা (Momai Tamuli Barbarua Award)৷ অৱশ্যে বিশেষ অসুবিধাৰ বাবে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেখেতৰ বোৱাৰী ড৹ ননী গগৈ ৰাজখোৱাই বঁটাটো গ্ৰহণ কৰে ৷
অনুষ্ঠানৰ মুকলি সভা উদ্বোধন কৰি টাই নৱবৰ্ষ সন্দৰ্ভত সাৰুৱা বক্তব্য প্ৰদান কৰে টাই ভাষা সংস্কৃতিৰ গৱেষক তথা লেখক ড৹ পুষ্পধৰ গগৈয়ে ৷ উক্ত মুকলি সভাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া শৈক্ষিক পঞ্জীয়ক বিনোদ বড়াই "নি মাউ খাও" নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যুকাফা আসনৰ মুৰব্বী অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাই বিচক্ষণ মোমাই তামুলী বৰবৰুৱাই কেনেদৰে আহোম ৰাজত্ব কালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ত এজন বিচক্ষণ প্ৰশাসনিক বিষয়া আছিল সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ লগতে তেখেতে কেনেদৰে নিজৰ দক্ষতাৰে পদোন্নতি লাভ কৰি সেই সময়ৰ গাঁও সমূহ সংগঠিত ৰূপত সজাই অর্থনৈতিক দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছিল সেই বিষয়ে ব্যক্তব্য প্ৰদান কৰে অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাই ৷