ডিব্ৰুগড়, 29 এপ্ৰিলঃ ডিব্ৰুগড়ৰ লালুকাত স্থানীয় যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ । আমোলাপট্টি আৰক্ষী চকীৰ গৃহৰক্ষী এজনে যুৱকক লক্ ডাউনৰ মাজতে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে, মহিলাকো পুৰুষ আৰক্ষীৰ দ্বাৰা আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে । উল্লখ্য যে, বুধবাৰে দিনৰ ভাগত জুলু আহমেদ নামৰ এজন স্থানীয় যুৱকক নিজৰ গেলামালৰ দোকানৰ পৰা মাতি আনি মাস্ক নিপিন্ধাৰ অভিযোগত প্ৰহাৰ কৰে এজন গৃহৰক্ষীয়ে । সেই সময়তে যুৱকজনক আক্ৰমণ কৰোঁতে বাধা দিবলৈ যোৱা মহিলাকো পুৰুষ আৰক্ষীয়ে আক্ৰমণ কৰা বুলি উল্লেখ কৰে একাংশই ।
ডিব্ৰুগড়ত যুৱকক প্ৰহাৰ কৰাক লৈ গৃহৰক্ষীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ - ডিব্ৰুগড়ৰ আমোলাপট্টি
ডিব্ৰুগড়ৰ আমোলাপট্টি আৰক্ষী চকীৰ গৃহৰক্ষী এজনে লালুকাত স্থানীয় যুৱকক প্ৰহাৰ কৰাক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ।

lathicharge by homeguard in dibrugarh
ডিব্ৰুগড়ত যুৱকক প্ৰহাৰ কৰাক লৈ গৃহৰক্ষীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ
আনহাতে সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হোৱা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই লিখিত গোচৰৰ ভিত্তিত, বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে । ক্ষোভিত স্থানীয় লোকে গৃহৰক্ষী গৰাকীক নিলম্বনৰো দাবী জনাইছে ।
লগতে পঢ়কঃআৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা